ETV Bharat / state

অসম-নাগালেণ্ডৰ সৰ্ম্পক অটুত ৰাখিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ বিশেষ পদক্ষেপ

author img

By

Published : Aug 28, 2021, 9:26 PM IST

Updated : Aug 28, 2021, 9:59 PM IST

শুকুৰবাৰে অসম-নাগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰশাসনিক বিষয়া সকলৰ মাজত ধনশিৰি মহকুমাৰ সীমান্তৰ বি’ চেক্টৰৰ য়ামফা বস্তিত এক বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ চিআৰপিএফৰ ১৫৫ নংকোম্পানীৰ উদ্যোগত দুয়োখন ৰাজ্যৰ মাজৰ সৰ্ম্পক মজবুত কৰিবলৈকে আয়োজন কৰা হয় এই বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতাখন ৷

assam-and-nagaland-administration-play-friendly-cricket-match-in-dhansiri
অসম-নাগালেণ্ডৰ সৰ্ম্পক অটুত ৰাখিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ বিশেষ পদক্ষেপ

সৰুপথাৰ,28 আগষ্ট: যি সময়ত অসমৰ ভূমি নগাই আগ্ৰাসন কৰি সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, সেই সময়তে অসম-নাগালেণ্ড সীমান্তত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ অসম-নাগালেণ্ডৰ সীমান্তৰ প্ৰতিবেশী গাঁও সমূহত বসবাস কৰি থকা জনসাধাৰণৰ মাজত সদায় যাতে শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰে, তাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলে গ্ৰহণ কৰিছে বিশেষ প্ৰদক্ষেপ ৷

শুকুৰবাৰে অসম-নাগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰশাসনিক বিষয়া সকলৰ মাজত ধনশিৰি মহকুমাৰ সীমান্তৰ বি’ চেক্টৰৰ য়ামফা বস্তিত এক বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতা খনত ৷ উল্লেখযোগ্য যে, চিআৰপিএফৰ ১৫৫ নংকোম্পানীৰ উদ্যোগত শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত অনুষ্ঠিত হয় বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতাখন ।

লগতে পঢ়ক: অসম নগালেণ্ড সীমা সমস্যা : চৰাইদেউত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

উক্ত অনুষ্ঠানত চিআৰপিএফৰ ডিআইজি হনুমন্ত সিং ৰাৱাত, ১৫৫ নং কোম্পানীৰ চিআৰপি এফৰ কামাণ্ডেণ্ট মুকেশ ত্যাগী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, নগালেণ্ডৰ ৰালান মহকুমাৰ মহকুমাধিপতি মেভজাং জামিৰ, ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ ৷

একেদৰে নাগালেণ্ডৰ হৈ নিউলেণ্ড মহকুমাৰ সীমান্ত দণ্ডাধীশ এমলী জোংলা, চুঙাজান, উৰিয়ামঘাট, ৰালান আৰু নিউলেণ্ড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে ।ক্ৰিকেট প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰা দুয়ো ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলক খেলৰ অন্তত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে, উক্ত বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতাখনৰ পূৰ্বে অসম আৰু নগালেণ্ডৰ দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয় ।

আনহাতে অসম নগালেণ্ড সীমান্ত(Assam Nagaland border)ত অৱস্থিত চৰাইদেউ জিলাত শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনৰ সৈতে সীমা সন্দৰ্ভত বহু কেইটা সমস্যা দেখিবলৈ পোৱা গৈছিল । এই সীমা সমস্যাক লৈ এতিয়া যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

এই সীমা সমস্যা সমাধানৰ উদ্দেশ্যেৰেই শনিবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ(Charaideo district administration) লগত সীমা সমস্যা(border dispute) সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব গৰাকী চৰাইদেউত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ।‌

লগতে পঢ়ক: নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ AJYCP

Last Updated : Aug 28, 2021, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.