গোলাঘাট, ৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলকে ধৰি ৩টাকৈ দাবীত গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে। নাগৰিকত্ব সংশোধনী আইন বাতিল, আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰদান, পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ বাতিলৰ দাবী জনায়।
বি জে পি চৰকাৰ মুৰ্দাবাদ, বি জে পি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ ৰাজপথ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰে শীঘ্ৰে এই দাবীসমূহ মানি নল'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
লগতে পঢ়ক:জিলাভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকাৰ