ETV Bharat / state

কলাগুৰুৰ সহযোগী শিল্পী ভোলা হাজৰিকাৰ দেহাৱসান

author img

By

Published : Jul 6, 2021, 1:54 PM IST

শিল্পী ভোলা হাজৰিকা আৰু নাই ৷ সোমবাৰে বিয়লিৰ ভাগত 84 বছৰ বয়সত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰয়াত ভোলা হাজৰিকা আছিল একালৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী শিল্পী ৷ এইগৰাকী শিল্পীৰ মৃত্যুত দেৰগাঁওৰ লগতে সমগ্ৰ অসমতে পৰিছে শোকৰ ছাঁ ৷

artist bhola hazarika no more
কলাগুৰুৰ সহযোগী শিল্পী ভোলা হাজৰিকাৰ দেহাৱসান

দেৰগাঁও, 6 জুলাই : একালৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী মিছামৰাৰ প্ৰবীণ শিল্পী ভোলা হাজৰিকা আৰু নাই ৷ দেৰগাঁও ৰাজহ চক্ৰৰ মিছামৰা মৌজাৰ গুৱালগাঁও নিবাসী আছিল প্ৰয়াত ভোলা হাজৰিকা ৷ সোমবাৰে বিয়লি নিজা বাসগৃহতে 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷

খ্যাতনামা শিল্পী, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ হাজৰিকাৰ মৃত্যুৰ খবৰে দেৰগাঁৱক শোকস্তব্ধ কৰি তোলে । ১৯৩৭ চনত জন্মগ্ৰহণ কৰা ভোলা হাজৰিকাই সত্ৰীয়া, কলা-সংস্কৃতিৰ সাধক, শিল্পী পিতৃ বাবুল হাজৰিকা ওজাৰ অনুপ্ৰেৰণাৰে সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিল ৷ নৃত্য, নাটক, সংগীত প্ৰায় সকলো দিশতে নিজৰ পাৰদৰ্শিতাৰে এখনি নিগাজী আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, নৃত্যাচাৰ্য যতীন গোস্বামী আদিৰ সাহচাৰ্যত অসমৰ বিভিন্ন স্থানৰ উপৰি ৰাজ্যৰ বাহিৰতো অসমীয়া কলা-সংস্কৃতি প্ৰদৰ্শনেৰে হাজৰিকাই নিজৰ লগতে অসমলৈ সুখ্যাতি কঢ়িয়াই আনিছিল । পূৰ্বে কলাগুৰু বিষ্ণু ৰাভাই ১৯৫৫ চনৰ পৰা কেইবাবাৰো আহি তেওঁৰ সতীৰ্থ শিল্পী ভোলা হাজৰিকাৰ ঘৰত নৈশ যাপন কৰিছিল । একেদৰে হাজৰিকায়েও বহুবাৰ কলাগুৰুৰ বাসগৃহত থাকিয়েই সংস্কৃতিৰ পথাৰত কাম কৰিছিল ।

ঐতিহাসিক বাপুজী মন্দিৰত আলোক শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনলৈ অন্যতম উদ্যোক্তা ভোলা হাজৰিকাৰ আমন্ত্ৰণতে ৰাভাই উক্ত অনুষ্ঠানলৈ হাজৰিকাৰ লগতে আহি মুখ্য অতিথিৰ আসন অলংকৃত কৰিছিল । নটসূৰ্য ফণী শৰ্মাৰ চিৰাজ, ভোগজৰা, কিয় ?, এমুঠি চাউল আদি বিভিন্ন যুগান্তকাৰী নাটকত হাজৰিকাই ফণী শৰ্মাৰ সৈতে অভিনয় কৰিছিল । নৃত্যাচাৰ্য যতীন গোস্বামীৰ প্ৰযোজনাত উলোৱা ভাস্কৰ থিয়েটাৰত প্ৰতিনিধি সংগঠক হিচাপে তেওঁ কাম কৰাৰ উপৰি যতীন গোস্বামীৰ সৈতে জন্মস্থান মিছামৰাৰ পৰা সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কামত জড়িত আছিল । ১৯৬০ চনত বিষ্ণু ৰাভাৰ পৃষ্ঠপোষকতাত গঠিত প্ৰাগজ্যোতি কলা পৰিষদৰ এজন অন্যতম শিল্পী হোৱাৰ উপৰি ভোলা হাজৰিকা উক্ত অনুষ্ঠানৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত ন্যস্ত আছিল শিল্পীগৰাকী ।

দেৰগাঁও, মিছামৰা তথা গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা হাজৰিকা সদৌ অসম মইনা পাৰিজাতৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল । তেওঁক মইনা পাৰিজাতে ৰাজ্যিক স্বীকৃতি প্ৰদান কৰিছিল । প্ৰয়াত শিল্পী ভোলা হাজৰিকাক অসম চৰকাৰে স্বীকৃতি স্বৰূপে শিল্পী পেঞ্চন আগবঢ়োৱাৰ উপৰি জীৱিত কালতেই অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক ৰাজহুৱা সম্বৰ্ধনা, বঁটা বাহন প্ৰদান কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, এইগৰাকী খ্যাতনামা প্ৰবীণ শিল্পীজনে কিন্তু প্ৰকৃততে যথাৰ্থ স্বীকৃতিৰ পৰা বঞ্চিত হৈ ৰয় ।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ লগতে শিল্পীগৰাকী জীৱনৰ বিয়লি বেলাতো আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল । দেৰগাওঁ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ জিকিৰ সম্ৰাট ৰেকিবুদ্দন আহমেদ শিল্পী বঁটা লাভ কৰিছিল প্ৰয়াত হাজৰিকাই ৷ এইগৰাকী শিল্পীৰ মৃত্যু গোলাঘাট জিলাৰ লগতে শিল্পী সমাজৰ বাবে এক বৃহৎ ক্ষতি বুলি ক’ব পাৰি । শিল্পীগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: 50 ৰ সলনি 65 শতাংশ যাত্ৰী কঢ়িয়াব পৰিব ঘৰুৱা বিমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.