গোৱালপাৰা, 21 জুলাই : গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা লুপ্ত চৰত বুধবাৰে সংঘটিত হয় এটি নৃশংস হত্যাকাণ্ড । পাৰিবাৰিক কন্দলৰ বাবে নৃশংশভাৱে হত্যা কৰা হ'ল এগৰাকী বোৱাৰীক ৷
অভিযোগ অনুসৰি, ডুবাপাৰা লুপ্ত চৰৰ জাহিৰুল ইছলাম নামৰ লোকজনৰ পত্নী আনজেৰা খাতুনৰ সৈতে দীৰ্ঘদিনৰ মনোমালিন্য চলি আহিছিল । আনজেৰা খাতুনৰ এটি ৩ বছৰীয়া সন্তান থকাৰ লগতে তেওঁ ৫ মাহৰ অন্তঃসত্বাও আছিল । অন্য দিনৰ দৰে বুধবাৰেও পুৱাৰ ভাগত দুই স্বামী-স্ত্ৰীৰ মাজত পুনৰ কাজিয়াৰ সূত্ৰপাত ঘটিছিল ।
এটা সময়ত দুয়োৰে কাজিয়াৰ চৰম সীমা পাৰ হোৱাত জহিৰুল ইছলামে পত্নী আনজেৰা খাতুনক ডিঙি ৰেপি হত্যা কৰে(Allegation against husband to kill his wife) । ইফালে এই ঘটনা সংঘটিত কৰিয়েই স্বামী জহিৰুলে ঘৰৰ পৰা পলায়ন কৰে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাত মৰনৈ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ।
আনহাতে, আৰক্ষীয়ে অভিযুক্ত জহিৰুলৰ সন্ধান নোপোৱাত জহিৰুলৰ পিতৃ মৈনুদ্দিন আৰু মাতৃ লালভানু নেছাক সোধ-পোচৰ বাবে আৰক্ষী থানালৈ লৈ আহে ৷ লগতে মৃত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Murder at Manikpur: পৰকীয়া প্ৰেমৰ পৰিণাম ! চোকা অস্ত্ৰৰে বোৱাৰীক হত্যা