ETV Bharat / state

এটা ব্যস্ত পথৰ বন্ধক লৈ গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Apr 27, 2021, 6:40 PM IST

গোলাঘাটত ঠিকাদাৰে ৰাজহুৱা পথ বন্ধ কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ জিলা উপায়ুক্তই সঠিক বিবেচনাৰে পথ মুকলি কৰি দিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷

all-assam-student-union-protest-due-road-close-by-contractor-etv-bharat-news
এটা ব্যস্ত পথৰ বন্ধক লৈ গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট, 27 এপ্ৰিল : গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ গণ প্ৰতিবাদ কাৰ্যসূচী । এটা ৰাজহুৱা পথ বন্ধ কৰাক লৈ এই প্ৰতিবাদ । গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত ন্যায়ালয়ৰ কাষৰে যোৱা এটা উপপথ হঠাৎ বন্ধ কৰি দিয়ে আদালতৰ কাৰ্যালয় গৃহৰ কাম কৰি থকা ঠিকাদাৰে । কাৰণ বিহীন ভাৱে গড়কাপ্তানি বিভাগৰ অধীনস্থ পথটো বন্ধ কৰি ৰখাত ক্ষোভিত হে পৰিছে ছাত্ৰ সন্থাই ।

উল্লেখযোগ্য যে, উক্ত পথছোৱাৰে ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতা অহা-যোৱা কৰে । বৰ্তমান পথটো বন্ধ হৈ পৰাৰ ফলত উদ্ভৱ হৈছে তীব্ৰ যান জঁটৰ সমস্যা ৷ ঠিকাদাৰৰ ময়মতালিত পথটো বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত জিলা উপায়ুক্তই সঠিক বিবেচনাৰে পথটো মুকলি কৰি দিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ । জানিব পৰা মতে, গড়কাপ্তানি বিভাগে পথছোৱা বন্ধৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমোদন প্ৰদান কৰা নাই ।

লগতে পঢ়ক : ডবকাত বিহুৱা দলক আক্ৰমণ টোলগেট কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.