ETV Bharat / state

গোলাঘাটত অগপৰ সদস্যভৰ্তি অভিযান

author img

By

Published : Sep 14, 2019, 6:33 PM IST

বিজেপিৰ পিছত এইবাৰ সদস্যভৰ্তি প্ৰক্ৰিয়া অগপত ৷ "অসমৰ বাবে অগপৰ সৈতে" এই শ্লোগানেৰে গোলাঘাটত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে অগপই ৷ দলটোৰ ৩৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযান এমাহ ধৰি চলিব

অগপৰ সদস্যভৰ্তি অভিযান

গোলাঘাট, 14 চেপ্তেম্বৰঃ বিজেপিৰ পিছত এইবাৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া অগপত ৷ "অসমৰ বাবে অগপৰ সৈতে" এই শ্লোগানেৰে গোলাঘাটত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে অগপই ৷ দলটোৰ ৩৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযান এমাহ ধৰি চলিব ৷ গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অংশ লয় দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই ৷ অহা ১৪ অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে ৩০ লাখ সদস্য অন্তৰ্ভুক্তিৰ লক্ষ্য অগপৰ ৷ অগপৰ বাবে বৰ্তমান সময়ত ১৯৮৫ চন আৰু ১৯৯৬ চনৰ সেই পৰিৱেশ ঘূৰি অহা বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ ৷

অগপৰ সদস্যভৰ্তি অভিযান
উল্লেখযোগ্য যে,দুয়োগৰাকী মন্ত্ৰীকে গায়ন-বায়ন,ঢোলে-ডগৰে মূল সভালৈ আদৰি নিয়া হয় ৷ অগপৰ সদস্য ভৰ্তি অভিযানত প্ৰয়োগ হ’ব আধুনিক প্ৰযুক্তি কৌশল লগতে মবাইল এপৰ দ্বাৰা সদস্য ভৰ্তি কৰা হ’ব বুলি জানিবলৈ দিয়ে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷

Intro:Body:"অসমৰ বাবে অগপ ৰ সৈতে " শ্লগাণেৰে গোলাঘাটত অসম গণ পৰিষদৰ ৩৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে সদস্য ভৰ্তি অভিযান। অসমক আগুৱাই নিয়াৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপৰ এই সদস্য ভৰ্তি অভিযান চলিব এমাহ ধৰি। গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্তই অংশ লয়। অহা ১৪ অক্টোবৰৰ প্ৰতিস্থা দিৱসৰ পূৰ্বে ৩০ লাখ সদস্যৰ অন্তৰ্ভূক্তিৰ লক্ষ্য অগপৰ । অগপৰ বাবে বৰ্তমান সময়ত ১৯৮৫ চন আৰু ১৯৯৬ চনৰ সেই পৰিৱেশ ঘূৰি অহা বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। গায়ন বায়ণ ঢোলে দগৰে মূল সভালৈ আদৰি নিয়ে মন্ত্ৰীদ্বয়ক। অগপৰ সদস্য ভৰ্তি অভিযানত প্ৰয়োগ হব আধুনিক প্ৰযুক্তি কৌশল, মবাইল এপত কৰা হব সদস্য ভৰ্তি কলে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।Conclusion:Byte 1: মন্ত্ৰী অতুল বৰা।
Byte 2: মন্ত্ৰী কেশৱ মহন্ত।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.