সৰুপথাৰ, 31 আগষ্টঃ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব অসম গণ পৰিষদে ৷ 50 লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্য ৷ অহা অক্টোবৰ মাহত হ‘বলগীয়া প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে এই লক্ষ্য পূৰণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে নৱনিৰ্বাচিত অগপৰ সাংগঠনিক সম্পাদক মণি মাধৱ মহন্তই ৷ তেওঁ সৰুপথাৰত অসম গণ পৰিষদ ধনশিৰি জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দলটোৰ সাংগঠনিক ভেটি সবল কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে ৷ আনহাতে, এই সভাতে কেইবাজনো কংগ্ৰেছীয়ে অসম গণ পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে ৷ এই সভাত অগপৰ প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷
ইফালে, অসম নাগালেণ্ড সীমান্তবাসী ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ সৰুপথাৰ সীমান্তলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ মুখ্য সচিবক পৰিভ্ৰমণ কৰিবলৈ আহ্বান জনাই অগপৰ নেতাজনে ৷ লগতে স্থানীয় ৰাইজৰ নিৰাপত্তা আৰু সীমান্তবাসীৰ উন্নয়ণৰ দাবী তোলে ৷ উল্লেখযোগ্য যে, ৰাজ্যৰ সীমান্ত উন্নয়ণ বিভাগটোৱে সৰুপথাৰ সীমান্তৰ উন্নয়নৰ নামত কোনোধৰণৰ কাম নকৰাৰ অভিযোগ তুলি বিভাগটোকো সীমান্তলৈ আহিবলৈ অনুৰোধ জনায় ৷