ETV Bharat / state

পখিলাই বিপাঙত পেলাইছে উৰিয়ামঘাটৰ ৰাইজক - কাকতি ফৰিঙৰ পিছত এইবাৰ পখিলাৰ তাণ্ডৱ

বিৰল প্ৰজাতি পখিলাৰ বাবে আতংকিত হৈ পৰিছে অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলৰ ৰাইজ । এই বিশেষ পখিলা বিধে গছ-গছনিৰ পাতত পৰি প্ৰথমে পাতৰ তলত বাহ সাজি পোৱালি জগায় আৰু তাৰ পিছত খোলাত জন্ম হোৱা পোৱালিবোৰে পাত খোৱা আৰম্ভ কৰে । পখিলা বিধ সম্প্ৰতি কৃষক ৰাইজৰ বাবে ভাবুকি হৈ পৰা দেখা গৈছে ৷

after-killer-locust-rare-species-of-butterflies-are-bringing-worries-for-farmers-uriamghat-in-assam-nagaland-border
কাকতি ফৰিঙৰ পিছত এইবাৰ পখিলাৰ তাণ্ডৱ
author img

By

Published : Jun 24, 2021, 9:36 PM IST

সৰুপথাৰ, 24 জুন : বিগত বৰ্ষত ভাৰত বৰ্ষত জাক জাক কাকতি ফৰিঙে(killer locust ) এফালৰ পৰা ধ্বংশ কৰি গৈছিল দেশৰ বহু কেইখন ৰাজ্যৰ কৃষকৰ কষ্টৰ ফচল ৷ চুবুৰীয়া দেশৰ ভাৰতত প্ৰৱেশ কৰি ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত শস্য নাস কৰা এইবিধ ফৰিঙে ৰাজস্থানৰ জনবসতি পূৰ্ণ এলেকাত প্ৰৱেশ কৰি শস্য নাপাই গছৰ পাট খোৱা আৰম্ভ কৰিছিল ৷ মুঠৰ ওপৰত বহুকেইখন ৰাজ্যত বিনাশ চলাই সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছিল এই ফৰিং বিধ ৷

সম্প্ৰতি এক অনুৰূপ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্ত(Assam Nagaland border)ৰ উৰীয়ামঘাট ৷ বৃহত অঞ্চলটোৰ ৰাইজ এতিয়া পখিলাৰ বাবে আতংকিত হৈ পৰিছে ৷ উৰিয়ামঘাটৰ নয়াজান, মুগাপাৰা, নাচনীপাৰা, চালুক পথাৰ আদিকে ধৰি বিভিন্ন গাঁৱত উপদ্ৰপ চলাইছে এক বিৰল প্ৰজাতিৰ পখিলাই । এটা বৃহৎ অঞ্চল ছানি ধৰিছে এই বিৰল প্ৰজাতিৰ পখিলা বিধে ।

কাকতি ফৰিঙৰ পিছত এইবাৰ পখিলাৰ তাণ্ডৱ

গছৰ পাটকে ধৰি পাঁচলিৰ পাট খাই খেতি সমূহ ধংশ কৰি পেলাইছে এই বিৰল প্ৰজাতিৰ পখিলা বিধে । ইয়াকে লৈ সৃষ্টি হোৱা পৰিৱেশত সম্প্ৰতি এক অনিশ্চয়তা আৰু আতংকত ভুগিছে ৰাইজ সকল। স্থানীয় ৰাইজে এই সম্পৰ্কত দিয়া বিৱৰণ অনুসৰি, প্ৰায় দুই সপ্তাহৰ আগতে এই পখিলা বিধৰ উপস্থিতি প্ৰত্যক্ষ কৰিছিল অঞ্চলবাসী ৰাইজে ৷

প্ৰথম অৱস্থাত কোনেও পখিলা বিধৰ উপস্থিতিকলৈ বিশেষ গুৰুত্ব দিয়া নাছিল ।

অৱশ্যে, পৰৱৰ্তী সময়ত তেওঁলোকৰ চকুত পৰে যে, এই বিশেষ পখিলা বিধে গছ-গছনিৰ পাতত পৰি প্ৰথমে পাতৰ তলত বাহ সাজি পোৱালি জগায় আৰু তাৰ পিছত খোলাত জন্ম হোৱা পোৱালি বোৰে পাত খোৱা আৰম্ভ কৰে । এইদৰে এতিয়া, এফালৰ পৰা পখিলাই খাই গৈছে গছৰ পাত সমূহ ৷ সম্প্ৰতি এই পৰিস্থিতিক লৈ আতংকিত হৈছে ৰাইজ ৷ অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক বিৰল প্ৰজাতিৰ পখিলাবিধক প্ৰত্যক্ষ কৰি, বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে ৰাইজে ।

লগতে পঢ়ক : তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.