ETV Bharat / state

গোলাঘাটত দিন দুপৰতে অধিবক্তাৰ বাইক লৈ উধাও চুৰ

মঙলবাৰে গোলাঘাটত বাইক চুৰিকাণ্ড ৷ এজন অধিবক্তাৰ ৰয়েল এনফিল্ড বাইক চুৰি কৰি নিয়ে চোৰে ৷

author img

By

Published : Feb 9, 2021, 8:21 PM IST

golaghat thief
গোলাঘাটত চুৰিকাণ্ড

গোলাঘাট,9 ফেব্ৰুৱাৰী : গোলাঘাটত মঙলবাৰে দিন দুপৰতে সংঘটিত হৈছে বাইক চুৰিকাণ্ড ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ পৰাই চোৰে চুৰি কৰি নিয়ে এজন অধিবক্তাৰ ৰয়েল এনফিল্ড বাইক । অভিনৱ বৰা নামৰ অধিবক্তাজনৰ চুৰি হোৱা বাইকখনৰ নম্বৰ AS-05-J-7192 ৷

golaghat thief
গোলাঘাটত চুৰিকাণ্ড

উল্লেখ্য যে, দীৰ্ঘদিনীয়া বিৰতিৰ পাচত জিলাখনত পুনৰ আৰম্ভ হৈছে চুৰিকাণ্ড । পূৰ্বতে ইটোৰ পাচত সিটো চুৰিকাৰ্যই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সমগ্ৰ চহৰখনত ।

গোলাঘাট আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে ইতিমধ্যে বাইক গাড়ী চুৰিকাৰ্যৰ নাকি লগাবলৈ সক্ষম হৈছিল । এতিয়া যেন বাইক চুৰিৰে পুনৰ আৰক্ষীক প্ৰত্যাহ্বান দিছে বাইক চোৰে ।

লগতে পঢ়ক : শদিয়াত 9 টাকৈ অসুস্থ শগুণ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.