গোলাঘাট, 22 ফেব্ৰুৱাৰী: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ দাবীত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু) য়ে গোলাঘাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মূলতঃ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ লগতে অন্য কেতবোৰ দাবীৰ সমৰ্থনত ৰাজপথলৈ উলাই অহা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকলে কলা পতাকা প্ৰদৰ্শনেৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷
সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছু কৰ্মী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰি অসম চুক্তিৰ সান্নিবিষ্ট ছয় নং দফা কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰাৰ লগতে বৃহৎ নদীবান্ধৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ৷ অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ বাবেও আছুৰ সদস্য সকলে দাবী জনায় ৷
লগতে পঢ়ক: কমল কুমাৰ মেধিক গামোচা পিন্ধাব জাকিৰ হুছেইন শিকদাৰে !