ETV Bharat / state

AGP ত যোগদান গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ

author img

By

Published : Jun 12, 2021, 7:07 PM IST

গোলাঘাটত অসম গণ পৰিষদ(AGP)ৰ সদস্যপদ গ্ৰহণ কৰিলে ছাত্ৰ সন্থা(AASU)ৰ বিষয়ববীয়াই । শনিবাৰে গোলাঘাটত দলৰ মুখ্য কাৰ্যালয়ত কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ উপস্থিতিত ছাত্ৰ নেতা সকলে আঞ্চলিক দলটোত যোগদান কৰে ।

AASU leader joins AGP
AGPত যোগদান গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ

গোলাঘাট, ১২ জুন : সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ গোলাঘাট জিলা সমিতিৰ এজনৰ পাচত আনজন সদস্য তথা নেতাই যোগদান কৰিছে অসম গণ পৰিষদত । শনিবাৰে পুনৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বহু কেইগৰাকী সদস্য আৰু ছাত্ৰ নেতাই অসম গণ পৰিষদ দলত যোগদান কৰে ।

অসম গণ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ জিলা ছাত্ৰ সন্থাৰ বহু সংখ্যক সদস্যই যোগদান কৰে । গোলাঘাটত দলৰ মুখ্য কাৰ্যালয়ত কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা(ATUL BORA)ৰ উপস্থিতিত ছাত্ৰ নেতাসকলে আঞ্চলিক দলটোত যোগদান কৰে । যি সময়ত অসমৰ বিভিন্ন মহলে অগপৰ অস্তিত্বক লৈ সন্দেহ প্ৰকাশ কৰি আহিছে, সেই সময়তেই একাংশ যুৱ শক্তি এই দলটোৰ প্ৰতি আকৃষ্ট হোৱাতো স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

উল্লেখ্য যে, আছুৰ ঔৰসত শেহতীয়াকৈ আত্ম প্ৰকাশ কৰিছিল অসম জাতীয় পৰিষদ (AJP) নামৰ আঞ্চলিক দলটোৱে ৷ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন দলটোৱে ইতিমধ্যে 2021ৰ অসম বিধানসভা নিৰ্বাচনটো যুঁজ দিছিল ৷ যুৱ নেতৃত্বৰে পৰিবেষ্টিত দলটোৰ উত্থানৰ পাচতো যুৱ শক্তি এইদৰে অগপৰ প্ৰতি আকৃষ্ট হোৱাত অগপ নেতৃত্বও উৎফুল্লিত হৈ পৰিছে ৷

লগতে পঢ়ক:কাকীত উচ্ছেদিত পৰিয়ালৰ কাষত বিধায়ক শিবু মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.