ETV Bharat / state

দৈয়াং হাইড্ৰ' ইলেক্টিক প্ৰজেক্টৰ পানীত পৰি যুৱকৰ সলিল সমাধি

author img

By

Published : Apr 12, 2021, 2:52 PM IST

গোলাঘাটৰ পৰা সতীৰ্থৰ লগত দেওবাৰে পুৱা বনভোজ খাবলৈ গৈছিল দেৱাশীষ তামুলী নামৰ যুৱকজন । বনভোজস্থলীতে দৈয়াং হাইড্ৰ' ইলেক্টিক প্ৰজেক্টৰ সংৰক্ষিত পানীত পৰি সলিল সমাধি ঘটে যুৱকজনৰ ৷

a boy drowns at Doyang Hydro Electric Project
দৈয়াং হাইড্ৰ' ইলেক্টিক প্ৰজেক্টৰ সংৰক্ষিত পানীত যুৱকৰ সলিল সমাধি

গোলাঘাট,১২ এপ্ৰিল : নাগালেণ্ডৰ নীপকোৰ দৈয়াং হাইড্ৰ' ইলেক্টিক প্ৰজেক্টৰ সংৰক্ষিত পানীত পৰি দেওবাৰে এজন যুৱকৰ সলিল সমাধি ঘটে । দেওবাৰে পুৱা গোলাঘাটৰ পৰা বনভোজ খাবলৈ গৈছিল ১২ জনীয়া যুৱকৰ এটা দল । বনভোজস্থলীতে পানীত পৰি মৃত্যু ঘটে যুৱকজনৰ ।

দৈয়াং হাইড্ৰ' ইলেক্টিক প্ৰজেক্টৰ পানীত পৰি যুৱকৰ সলিল সমাধি

নিহত যুৱকজন গোলাঘাট আমোলাপট্টিৰ দেৱাশীষ তামুলী বুলি জানিব পৰা হৈছে । গোলাঘাট আইচিআইচিআই বেংকৰ কৰ্মচাৰী আছিল তামুলী । দেওবাৰে নিশা হোৱাৰ বাবে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত সোমবাৰে এছডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে দেৱাশীষ তামুলীৰ মৃতদেহ ।

লগতে পঢ়ক : তেজপুৰত বুঢ়ালুইতৰ বুকুত সন্ধানহীন মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.