ETV Bharat / state

কৰ'ণাক পৰাভূত কৰিলে ৯৫ বছৰীয়া ককা-আইতাই

author img

By

Published : Sep 1, 2020, 4:08 PM IST

বিশ্বব্যাপী কৰ’ণা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিলেও তাৰমাজতে আছে এক ভাল খবৰ ৷ কিয়নো কৰ’ণা মহামাৰীত প্ৰতিদিনে মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে এইখন অসমতে 95 বছৰীয়া দুগৰাকী ককা-আইতাই পৰাস্ত কৰিলে ভাইৰাছবিধক ৷

95 year old man women won in Covid 19 battle golaghat assam etv bharat news
গোলাঘাটৰ কৰ’ণা যোদ্ধাৰ কাহিনী

গোলাঘাট,1 ছেপ্তেম্বৰ: বিগত 21 আগষ্টত গোলাঘাটৰ বেঙেনাখোৱাস্থিত এখন বৃদ্ধাশ্ৰমৰ 12 গৰাকী সদস্যৰ শৰীৰত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ৷ এই সদস্যসমূহৰ বেছিভাগৰে বয়স আছিল 80-90 ৰ ভিতৰত ৷ সেয়ে এই খবৰ লাভৰ পিছতে একপ্ৰকাৰ আতংকৰ সৃষ্টি হৈছিল গোলাঘাটত ৷ কিন্তু সেই আতংক বেছিদিনলৈ নাথাকিল ৷ চিকিৎসা গ্ৰহণৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ বৃদ্ধাশ্ৰমখনলৈ মঙলবাৰে উভতি আহে আটাইকেইগৰাকী সদস্য ৷ চিকিৎসালয় কৰ্তৃপক্ষই অতি আনন্দেৰে বিদায় দিছে এইসকল বৃদ্ধলোকক ৷ বিগত প্ৰায় দহদিনে চিকিৎসাধীন হৈ থকা এইসকল বৃদ্ধলোকৰ মঙলবাৰে কৰা ৰেপিড এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত চিকিৎসালয় কৰ্তৃপক্ষই আটাইকে অব্যাহতি দিয়ে ৷

গোলাঘাটৰ কৰ’ণা যোদ্ধাৰ কাহিনী

কৰ’ণাক জয় কৰি মুকলি আকাশৰ তললৈ অহা এইসকল বৃদ্ধাক একোখনি গামোচাৰে মৰম যাচে চিকিৎসালয় কৰ্তৃপক্ষই ৷ বৃদ্ধাসকলৰ কোভিড 19 ৰ চিকিৎসাৰ দায়িত্বত নিয়োজিত আছিল খুমটাই আদর্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ মন‍োজ হাজৰিকা আৰু ডাঃ ৰঞ্জ‍িত কুমাৰ দাস ৷ উল্লেখ্য যে, বৃদ্ধাসকলৰ এনে মনোবলৰ বাবে উৎফুল্লিত হৈ পৰিছে জিলাখনৰ প্ৰতিগৰাকী ব্যক্তি ৷

লগতে চাওকঃ পাৰিবাৰিক বিবাদৰ পৰিণতি: এজাহাৰ দাখিলৰ বাবে হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.