ETV Bharat / state

সৰুপথাৰত ব্যৱসায়ীক লুটপাত দুৰ্বৃত্তৰ

গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান বেতনিত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ।

author img

By

Published : Mar 3, 2021, 1:26 PM IST

সৰুপথাৰত ব্যৱসায়ীক লুট-পাত দুৰ্বৃত্তৰ
সৰুপথাৰত ব্যৱসায়ীক লুট-পাত দুৰ্বৃত্তৰ

গোলাঘাট,3 মাৰ্চঃ গোলাঘাটৰ সৰুপথাৰত ব্যৱসায়ীৰ পৰা পোন্ধৰ লাখ টকা লুট দুৰ্বৃত্তৰ । গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান বেতনিত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । পাঁচজনীয়া ডকাইতৰ এটা দলে সৰুপথাৰ ৰাজস্থান মিলৰ কৰ্মচাৰী ৰতন চক্ৰৱৰ্তীৰ পৰা 15 লাখ টকাৰ এটি বেগ কাঢ়ি লৈ যায় ।

উল্লেখযোগ্য যে, ৰতন চক্ৰৱৰ্তী ওৰফে টিংকু নামৰ কৰ্মচাৰীজনে বোকাজান, খটখটি আদি ঠাইৰ পৰা দোকানৰ কালেকচনৰ প্ৰায় 15 লাখ টকা সংগ্ৰহ কৰি বাইকেৰে সৰুপথাৰলৈ আহি আছিল ৷ তেনে সময়তে নাওজান আৰু সৰুপথাৰৰ মাজৰ বেতনি হুৰাতল নামৰ ঠাইত এখন মটৰ চাইকেল আৰু এখন স্কুটীত অহা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে কৰ্মচাৰীজনক নিৰ্জন ঠাইত আগচি ধৰি পিষ্টল দেখুৱাই টকাৰ বেগ আৰু ম’বাইল কাঢ়ি লৈ যায় ।

সৰুপথাৰত ব্যৱসায়ীক লুট-পাত দুৰ্বৃত্তৰ

সম্প্ৰতি ঘটনা সন্দৰ্ভত ধনশিৰি মহকুমা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । নিৰ্বাচনৰ প্ৰাকক্ষণত সন্ধিয়া পিষ্টল দেখুৱাই এনেদৰে ডকাইতি কৰা ঘটনাই নিৰাপত্তাহীনতাত ভূগিছে সাধাৰণ ৰাইজে ।

লগতে পঢ়কঃ মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.