ETV Bharat / state

এটা ধানৰ পৰা বিপ্লৱ সৃষ্টি কৰা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা

author img

By

Published : Mar 14, 2020, 1:45 PM IST

এটা ধানৰ পৰা বিপ্লৱৰ সৃষ্টি কৰা এজন ব্যক্তি ৷ ৰাষ্ট্ৰৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লোকজনে ৷ তেখেতে উৎপাদন কৰা ধান আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ইউৰোপৰ 9 দেশলৈ ৰপ্তানি কৰা হয় ৷

এটা ধানৰ পৰা বিপ্লৱ সৃষ্টি কৰা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা
এটা ধানৰ পৰা বিপ্লৱ সৃষ্টি কৰা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা

গোৱালপাৰা, 13 মাৰ্চঃ ক'লা ধানেৰে বিপ্লৱ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই লোকজন হৈছে গোৱালপাৰা জিলাৰ উপেন্দ্ৰ ৰাভা ৷ দেশৰ ভিতৰতে ক'লা ধানৰ খেতিৰে প্ৰথমবাৰৰ বাবে অসমত ব্যাপক সফলতা লাভ কৰাৰ আঁৰৰ এইগৰাকী ব্যক্তিৰ কথা বহুতেই হয়তো নাজানে ৷ বজাৰত ব্যাপক চাহিদা থকা অসমত ক'লা চাউলৰ উৎপাদনৰ মূলতেই হৈছে গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা ৷ সেয়া 2011 চনৰ কথা ৷ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৰাজস্থানৰ উদয়পুৰৰ পৰা অনা এক কিলোগ্ৰাম ক'লা ধানৰ বীজ প্ৰদান কৰা হৈছিল কৃষক উপেন্দ্ৰ ৰাভাক ৷ হাতত এক কেজি ক'লা ধানৰ বীজ আৰু সামান্য অভিজ্ঞতাৰে উপেন্দ্ৰ ৰাভাই মাটি চহাই সিচি দিলে বীজখিনি ৷

THE UNSUNG HERO UPDENRA RABHA BLACK RICE ETV BHARAT STORY
উপেন্দ্ৰ ৰাভাৰ পথাৰত উৎপাদন কৰা ক'লা ধান সাজু বিক্ৰীৰ বাবে

কিন্তু ভবামতে একো নহ'ল ৷ সফলতাৰ সলনি দেখা গ'ল এখন বিপৰীত প্ৰচিচ্ছবিহে ৷ কিয়নো এক কেজি ক'লা ধানৰ পৰা মাত্ৰ এটাহে ধানৰ পুলি অংকুৰিত হ'ল ৷ হতাশ নহ'ল উপেন্দ্ৰ ৰাভা ৷ এটা ধানৰ পুলিৰ পৰা উৎপাদন হোৱা 150 গ্ৰাম ধানেৰে পৰৱৰ্তী সময়ত লাভ কৰিলে 24 কেজি ধান ৷ তেতিয়াৰ পৰা আৰু ৰৈ থাকিব লগা নহ'ল উপেন্দ্ৰ ৰাভা ৷

মাত্ৰ এটা ধানৰ পৰা বিপ্লৱ গঢ়াৰ মানুহজনক জানেনে ?

২০১৩ চনত ২৪ কিগ্ৰা ধানৰ পৰা লাভ কৰিলে ১৬০০ কিলগ্ৰাম ধান।এনেকৈয়ে কলাধানৰ খেতিৰ সংগ্ৰাম চলাই গৈ আজি উপেন্দ্ৰ ৰাভাসহ গাঁওৰ ৰাইজে মিলি প্ৰায় ২০০০ বিঘা মাটিত ক'লাধানৰ খেতি কৰিবলৈ সক্ষম হয়। এনেদৰেই অসমত প্ৰথম বাৰৰ বাবে সফলতাৰে ক'লা ধানৰ খেতি কৰা প্ৰথমজন খেতিয়ক হিচাপে পৰিগণিত হয় ৷

ক'লা ধানৰ পৰা প্ৰস্তুত কৰা কেক, মিঠাই আদি

বজাৰত ব্যাপক চাহিদা থকা ক'ল চাউলৰ আছে বহুকেইটা বিশেষ গুণ ৷ যাৰ বাবে গ্ৰাহকে ক'লা চাউল অধিক মূল্য দি ক্ৰয় কৰি আহিছে ৷ ক'লা চাউলৰ ঔষধি গুণাগুণ সমূহ হৈছে

  • এন্টি অক্সিডেন্ট, হজম শক্তি বৃদ্ধিত সহায়ক
  • শৰীৰ পৰা বিষাক্ত দ্ৰব্য নিষ্কাষণত সহায় কৰে
  • বহুমূত্ৰ ৰোগ প্ৰতিৰোধ
  • কৰ্কটৰোগ প্ৰতিৰোধ
  • হৃদজনিত ৰোগ প্ৰতিৰোধ

    বিশিষ্ট খেতিয়ক উপেন্দ্ৰ ৰাভা

মাত্ৰ এটা ধানৰ পৰা ক'লা ধানৰ খেতিৰে ৰাজ্যত সুনাম লাভ কৰিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভাই অসম মেঘালয় সীমান্তৰ আমগুৰিপাৰ,ঘৰপোতা, চৰকপাৰা,বনগাঁও আৰু খামাৰি অঞ্চলৰ লোকসকলক লৈ ২০১৪ চনৰ পৰা কৰি আহিছে ক'লা ধানৰ খেতি ৷ স্থানীয় বজাৰৰ বাদেও বৰ্তমান সময়ত জনপ্ৰিয় অনলাইন শ্বপিং চাইট সমূহত প্ৰতি কেজিত 400ৰ পৰা 500 টকা অধিক দৰত বিক্ৰী হৈ আহিছে ৷ ব্যাপক চাহিদা থকা ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা কেক,ভূজীয়া,চিৰা,লাডু আদিৰো আছে সমাদৰ ৷

ক'লা ধানৰ থোক

ক'লা ধান স্বাৱলম্বিতাৰ অন্য এক পথ হ'ব পাৰে ৷ প্ৰতি কেজি ক'লা চাউলৰ ব্যাপক চাহিদাই ৰাজ্যৰ কৃষকসকলক এই খেতিৰ জৰীয়তে অৰ্থনৈতিকভাৱে উপকৃত কৰিব পাৰে ৷ বৰ্তমান উপেন্দ্ৰ ৰাভাই JEEV ANKSH ECO PRODUCTS Pvt Ltd ৰ নামৰ এটা কোম্পানীৰ লগত চুক্তিবদ্ধ হৈছে। এই কোম্পানী টোৱে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইউৰোপৰ ৯ খন দেশলৈ ৰপ্তানি কৰে উপেন্দ্ৰ ৰাইচ। নীৰৱে কৃষি বিপ্লৱৰ লগত জড়িত হৈ পৰা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা এতিয়া আন বহুতৰে বাবে পথ প্ৰদৰ্শক হৈ পৰিছে ৷

লগতে চাওকঃ

কৰ'ণাভাইৰাছ আতংক : ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.