গোৱালপাৰা, 24 এপ্ৰিল : গোৱালপাৰা চহৰৰ আৰোৰা একাডেমীত শোকাৱহ ঘটনা (Student suicide case in Goalpara)| শনিবাৰে বিয়লি 5 মান বজাত গোৱালপাৰা চহৰৰ ভালুক ডুবিস্থিত আৰোৰা একাডেমীৰ হোষ্টেলত এগৰাকী ছাত্ৰীক চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে হোষ্টেল কৰ্তৃপক্ষই (Student from Goalpara commits suicide)৷ মৃত ছাত্ৰী গৰাকী গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তাৰাংগাপুৰ গাঁৱৰ ৷
উল্লেখ্য যে, আৰোৰা একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ হোষ্টেলত থাকি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী । ইফালে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দুপৰীয়াৰ ভাগত ছাত্ৰীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ কথা ফোনযোগে অভিভাৱকক অৱগত কৰিছিল ৷ ইয়াৰ পিছতে হঠাৎ হোষ্টেল কতৃপক্ষই উক্ত ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকক জানিবলৈ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীক এনে অৱস্থাত প্ৰত্যক্ষ কৰাত শোকত ভাগি পৰে ৷
স্বাভাৱিকতেই ছাত্ৰীগৰাকীৰ অভিভাৱকে এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই আৰু সম্প্ৰতি এই মৃত্যুক তেওঁলোকে ৰহস্যজনক আখ্যা দিছে । ইফালে একাডেমী কৰ্তৃপক্ষৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে অভিভাৱকে । ইয়াৰ পিছতে এতিয়া বিদ্যালয়খনৰ গেটত তলা লগাই অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : বঙাইগাঁৱত যুৱতীৰ ৰহস্যজনক আত্মহত্যা