নগৰবেৰা , 20 এপ্ৰিল : এইবাৰৰ নিৰ্বাচন মুছলমানৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন বুলি মন্তব্য এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰ ৷কুমাৰ দীপক দাস, প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকন, অতুল বৰাই নেলীৰ জঘন্য হত্যাযজ্ঞ সংঘটিত কৰিছিল বুলিও বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে ৷
সাংসদ আজমলৰ অভিযোগ অনুসৰি কুমাৰ দীপক দাস,প্ৰফুল্ল মহন্তই চাৰি ঘণ্টাৰ ভিতৰত হত্যা কৰিছিল চাৰি হাজাৰ শিশু মহিলা যুৱক যুৱতীক । শুকুৰবাৰে বৰপেটাৰ ভাতনাপাইতিত বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈয়েই সৰৱ হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোডী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে । বৰপেটাৰেই নহয়, সমগ্ৰ অসমৰ সংখ্যালঘু মুছলমান লোকক অগপ বিজেপিক ভোট নিদিবলৈ আহ্বান সাংসদ আজমলৰ । আনহাতে কংগ্ৰেছে তেওঁৰ লগত বেইমানী কৰা বুলিও অভিযোগ কৰে বদৰুদ্দিন আজমলে । কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক হিমন্ত বিশ্ব শৰ্মাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰি খালেকক ভোট দিলে বিজেপিক ভোট দিয়া হ’ব বুলি কয় সাংসদগৰাকীয়ে ।