গোৱালপাৰা, 11 আগষ্ট : গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ তপোবন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মোজামেল হকে মঙলবাৰে এক সংবাদমেলযোগে এই অভিযোগ উত্থাপিত কৰে ।
তপোবন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ আব্দুৰ মান্নানৰ লগতে পৰিচালনা কমিটিৰ একাংশৰ বিৰুদ্ধে লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে । মহাবিদ্যালয়খনৰ নামভৰ্তিৰ মাচুলৰ প্ৰায় ৯৪ লাখ টকা, প্ৰ-পত্ৰ পূৰণৰ প্ৰায় ৩ লাখ টকা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু পৰিচালনা কমিটিৰ একাংশই আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ছাত্ৰ একতা সভাই ।
সভাই লগতে অসম চৰকাৰৰ শিক্ষা বিভাগক এই দুৰ্নীতিৰ উচিত তদন্তৰ বাবে আহ্বান জনায় ৷ তপোবন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মোজামেল হকে শিক্ষামন্ত্ৰী ৰণোজ পেগুক দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সোনকালে তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।
লগতে পঢ়ক : নামমাত্ৰ পথ মেৰামতিৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগ