ETV Bharat / state

এআইইউডিএফৰ দুৰ্গত বদৰুদ্দিন আজমল গ' বেক ধ্বনি

author img

By

Published : Oct 7, 2020, 8:20 AM IST

এইআইইউডিএফৰ দুৰ্গত সাংসদ বদৰুদ্দিন আজমলৰ সন্মুখত গ' বেক ধ্বনি । দলটোৰ দুৰ্গস্বৰূপ জলেশ্বৰ বিধানসভা সমষ্টিত আহুকালৰ সন্মুখীন হ'ল সাংসদ বদৰুদ্দিন আজমল ।

এআইইউডিএফৰ দুৰ্গত বদৰুদ্দিন আজমল গ' বেক ধ্বনি
এআইইউডিএফৰ দুৰ্গত বদৰুদ্দিন আজমল গ' বেক ধ্বনি

গোৱালপাৰা, 7 অক্টোবৰ : গৰাখহনীয়া পৰিস্থিতিৰ বুজ ল'বলৈ গৈ গোৱালপাৰাত প্ৰতিবাদৰ সন্মুখীন হয় এআইইউডিএফৰ অধ্যক্ষ তথা সাংসদ বদৰুদ্দিন আজমল ৷ আজমলক সন্মুখৰ পৰাই তীব্ৰ ককৰ্থনা কৰে সমষ্টিবাসী ৰাইজে ।

লক্ষীপুৰৰ নিশ্চিহ্ন চিলাৰভিটাৰ মথাউৰিৰ লগতে টাকিমাৰীৰ মধুপুৰ গাৱঁত অব্যাহত থকা গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ মধুপুৰত উপস্থিত হৈছিল সাংসদ বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক সাহাবউদ্দিন আহমেদ । অঞ্চলটোত উপস্থিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে বিধায়ক সাহাব উদ্দিন আহমেদ গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । এনে আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতেই চিলাৰভিটাৰ ভাঙি যোৱা মথাউৰি চাবলৈ নাওত উঠে যদিও তৎমুহূৰ্ততে নাওৰ পৰা নামি আহিবলৈ বাধ্য হয় বিধায়ক তথা সাংসদগৰাকী । সেই স্থানতো ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ভয়ত সাংসদ গৰাকীয়ে ততাতৈয়াকৈ ৰাওনা হয় চূনাৰী অভিমুখে । সমস্য়াৰ সময়ত ৰাইজৰ কাষত উপস্থিত নোহোৱা দুয়োগৰাকী নেতাই এইদৰে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ ওচৰলৈ যোৱা কাণ্ডত এক প্ৰকাৰে খৰ্গহস্ত হৈ পৰে স্থানীয় ৰাইজ ৷

চিলাৰভিটা মথাউৰি নিশ্চিহ্ন হোৱাৰ পিছতেই এটাৰ পিছত এটাকৈ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ফলত সমষ্টিটোৰ ৰাইজে প্ৰতিনিয়ত এক ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে । বানৰ উপৰিও গৰাখহনীয়াই তীব্ৰ ভাবুকি সৃষ্টি কৰি আহিছে সমষ্টিটোত । এনে এক ভয়ঙ্কৰ দূৰ্যোগৰ সময়ত এদিনো উপস্থিত নহ'ল সমষ্টিত । এতিয়া নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সাংসদ বদৰুদ্দিন আজমলৰ উপস্থিতি স্থানীয় ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই । যাৰবাবেই এইদৰে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।

লগতে পঢ়ক : ধলাইত নিচাজাতীয় টেবলেটসহ দুজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.