পশ্চিম গোৱালপাৰা,১১ আগষ্টঃ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ লক্ষীপুৰ নগৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা পথৰ দুৰৱস্থা৷ কিন্তু পথটো উন্নয়নৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ জিলা খনত গড়কাপ্টানী বিভাগ বুলি কোনো বিভাগ নাই । আনকি স্থানীয় বিধায়ক ছাহাব উদ্দিন আহমেদেও সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী সকলে৷
জলেশ্বৰত পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক - পশ্চিম গোৱালপাৰা
জলেশ্বৰত বিধ্বস্ত গড়কাপ্টানী পথ । পথৰ মাজত থকা প্ৰকাণ্ড গাঁতে জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক ।
জলেশ্বৰত পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক
পশ্চিম গোৱালপাৰা,১১ আগষ্টঃ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ লক্ষীপুৰ নগৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা পথৰ দুৰৱস্থা৷ কিন্তু পথটো উন্নয়নৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ জিলা খনত গড়কাপ্টানী বিভাগ বুলি কোনো বিভাগ নাই । আনকি স্থানীয় বিধায়ক ছাহাব উদ্দিন আহমেদেও সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী সকলে৷
Intro:পশ্চিম গোৱালপাৰা : ১১ আগষ্ট : বিধ্বস্ত গড়কাপ্টানী পথ। পথৰ মাজত থকা প্ৰকাণ্ড গাঁত পাৰ হৈ এক ভয়ংকৰ যাত্ৰা। জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক। Body: পথ নহয় যেন একো একোটা প্ৰকাণ্ড পুখুৰী। সমগ্ৰ পথছোৱাই গৈছে জহি খহি। এয়া জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ লক্ষীপুৰ নগৰৰ পৰা হাসডোবা হৈ খলিচাভিটা লৈ যোৱা পথ। পথটো উন্নয়নত আজিলৈ গুৰুত্ব নিদিলে গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগে। স্থানীয় ৰাইজৰ অভিযোগ জিলা খনত গড়কাপ্টানী বিভাগ বুলি কোনো বিভাগ নাই। আনকি স্থানীয় বিধায়ক ছাহাব উদ্দিন আহমেদেও সমষ্টি উন্নয়নত নিদিয়ে গুৰুত্ব।ফলত এই ভয়ঙ্কৰ যাত্ৰা অঞ্চলবাসী ৰাইজৰ। Conclusion: কেতিয়াবা এই পথছোৱাৰ উন্নয়ন হবনে ? নে এনেদৰেই দিন অতিবাহিত কৰিব লাগিব স্থানীয় ৰাইজে! পৰিবৰ্তন কামী চৰকাৰ খনে এই ক্ষেত্ৰত কিবা গুৰুত্ব দিবনে?
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।