ETV Bharat / state

May Day in Goalpara: আইনৰ সুবিধা লৈ শ্ৰমিকক শক্তিশালী হোৱাৰ আহ্বান

author img

By

Published : May 1, 2023, 9:34 PM IST

আজি বিশ্বজুৰি পালন কৰা হৈছিল আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day) ৷ এই মে’ দিৱসতেই শ্ৰমিকসকলে সংহতি দিৱস পালন কৰি আহিছে । গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰী আৰু মে' দিৱস উদ্যাপন কমিটীৰ সৌজন্যত পালন কৰা হয় এই দিৱস ।

International Labour day at Goalpara
আন্তৰ্জাতিক শ্ৰমিক দিৱস
আন্তৰ্জাতিক শ্ৰমিক দিৱস

গোৱালপাৰা, ১ মে': জিলা আইন সেৱা প্ৰাধিকাৰী আৰু মে' দিৱস উদ্যাপন কমিটীৰ সৌজন্যত সোমবাৰে গোৱালপাৰা চহৰৰ হাছিলা বাছ ষ্টেণ্ড চৌহদত শ্ৰমিক দিৱস উদ্যাপন কৰা হয় (International Labour day at Goalpara) । বিভিন্ন‌ কৰ্মক্ষেত্ৰত জীৱন আহুতি দিয়া মেহনতী শ্ৰমিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পুৱা শ্বহীদ তৰ্পণ কৰে 'চিটু'ৰ জ্যেষ্ঠ কৰ্মী অশ্বিনী চৌধুৰীয়ে । ইয়াৰ পিচতে শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি পুৱা দহ বজাত এখনি ৰাজহুৱা জনসভা অনুষ্ঠিত হয় (May Day observed in Goalpara)।

বামপন্থী নেতা ননী দাসে সভাখনৰ উদ্দেশ্য বাখ্যা কৰি কয় যে মেহনতী শ্ৰমিকৰ মূৰৰ ঘাম মাটিত পৰাৰ পূৰ্বেই তেওঁলোকৰ প্ৰাপ্য আৰু উপযুক্ত মজুৰি আদায় দিব লাগে । কিন্তু যুগ যুগ ধৰি শ্ৰমিকসকলক মালিক পক্ষই শোষণ আৰু বঞ্চনা কৰি আহিছে । শ্ৰমিক জনতাক প্ৰাপ্য আৰু উপযুক্ত মজুৰি আদায় দিয়াৰ বাবে আইন প্ৰণয়ন কৰা হৈছে ।

কিন্তু কাৰ্যতঃ শ্ৰমিক আইন মানি নচলে মালিক পক্ষই । কেবল‌ নিজস্ব লাভৰ স্বাৰ্থত মালিক পক্ষই শ্ৰমিক আইনৰ ধাৰাসমূহ লংঘন কৰি শ্ৰমিকক বঞ্চিত কৰি শোষণ চলায় । চি পি আই'ৰ জ্যেষ্ঠ কৰ্মী শৈলেন দাসে সভাপতিত্ব কৰা সভাখনৰ মুখ্য বক্তা হিচাপে বক্তৃতা দিয়ে গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তথা ন্যায়াধীশ উজ্বল বৰাই ।

জিলাখনৰ লগতে বিশ্বৰ শ্ৰমিকসকলক শুভেচ্ছা জনাই তেওঁ কয়, ‘‘প্ৰত্যক শ্ৰমিকে যাতে ন্যায় পায় সেয়া সুনিশ্চিত কৰাৰ দায়িত্ব আমাৰ । আমাৰ মুখ্য উদ্দেশ্য হৈছে শ্ৰমিকসকলৰ কাৰণে যিবোৰ আইন প্ৰণয়ন কৰা হৈছে সেই আইনসমূহৰ বিষয়ে শ্ৰমিকলক সজাগ আৰু সচেতন কৰা ৷ আইনসমূহৰ সুবিধা লৈ শ্ৰমিকসকলে শক্তিশালী হ'লেহে দেশ আগবঢ়িব বুলি তেওঁ উল্লেখ কৰে ।’’

তেওঁ পুনৰ কয় যে, সমান কামৰ বাবে সমান মজুৰিৰ বাবে আইন আছে । কিন্তু বাস্তৱ ক্ষেত্ৰত পুৰুষতকৈ মহিলা শ্ৰমিকক কম মজুৰি দিয়া দৃষ্টিগোচৰ হ'লে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি ন্যায়াধীশগৰাকীয়ে কয় । শ্ৰমিকসকলে সজাগ হ'লেহে শ্ৰমিক আইনৰ ধাৰাসমূহ উলংঘন নহ'ব আৰু আইন‌ উলংঘনকাৰীয়ে আইনী শাস্তি পাব বুলিও তেওঁ দোহাৰে ।

চিটু'ৰ জ্যেষ্ঠ কৰ্মী অশ্বিনী চৌধুৰীয়েও সভাত ভাষণ দি কয় যে, এগৰাকী শ্ৰমিকে দিনটোৰ আঠ ঘণ্টা কঠোৰ পৰিশ্ৰম কৰিবলৈ হ'লে শ্ৰমিকজনে ভাল আহাৰ খাব লাগিব । শ্ৰমিকে শ্ৰমৰ মূল্য সঠিক সমত উপযুক্তভাৱে পালেহে ভাল আহাৰ ক্ৰয় কৰি খাব পাৰিব । অন্যথা শ্ৰমিকসকল দুৰ্বল হ'লে শ্ৰম কৰিব নোৱাৰিব । সেয়ে শ্ৰমিক আইন অনুসৰি শ্ৰমিকে মজুৰি‌ পোৱাটো অধিকাৰ ।

এই অধিকাৰ শ্ৰমিকসকলে নিজেই সাব্যস্ত কৰিব লাগিব বুলি তেওঁ কয় । মাটিয়া-মৰনৈৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰত উদ্যোগসমূহে শ্ৰমিকসকলক কম দৰ্মহা দিয়াক লৈ ক্ষোভ উজাৰি কয় যে, কৰ্ম সংস্থাপনৰ তাগিদাত একাংশ‌ উচ্চ শিক্ষিত যুৱকে কেইবাটাও ফেক্টৰীত মকৰল হৈছে । কিন্তু এইসকল উচ্চ শিক্ষিত যুৱকক মাত্ৰ সাত-আঠ হেজাৰ টকা দৰ্মহা দিয়ে মালিক পক্ষই । মুঠতে শ্ৰমিকৰ ওপৰত চলা শোষণ আৰু বঞ্চনা তাহানিৰ পৰা বৰ্তমানলৈকেও‌ অব্যাহত আছে ।

গোৱালপাৰা জিলা আদালতৰ অধিবক্তা ছাহিদুল‌ ৰহমানেও সভাত অংশ‌লৈ শ্ৰমিক আইনৰ বিভিন্ন ধাৰাৰ ওপৰত আলোকপাত কৰি সজাগতাৰ সৃষ্টি কৰে । আজিৰ এই সভাখনত জ্যেষ্ঠ নাগৰিক ইউছুফ আলীকে ধৰি কেইবাজনো জ্যেষ্ঠ নাগৰিক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:Workers Day at Kaliabor: আজি তেওঁলোকৰ ছুটী; শ্ৰমিক দিৱস বুলি মাদলৰ ছেৱত ঝুমুৰ নাচিলে বুধুৱা চামেলীহঁতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.