ETV Bharat / state

গোৱালপাৰাৰ ষ্ট্ৰং ৰুমত নিশা কোনে বিকল কৰে চিচি কেমেৰা ?

author img

By

Published : Apr 28, 2021, 10:54 PM IST

গোৱালপাৰা মহাবিদ্যালয়ত সংস্থাপিত ষ্ট্ৰং ৰুমত চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি ৷ কংগ্ৰেছ দলৰ দুই বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু একে ৰছিদ আলমৰ উপৰিও কেইবাজন প্ৰাৰ্থীৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰীক্ষণৰ দায়িত্বত থকা এজেণ্টসকলে নিশা এক-ডেৰঘণ্টাকৈ চিচি কেমেৰা ৰহস্যজনকভাৱে বন্ধ হৈ পৰা ঘটনাক কেন্দ্ৰকৰি বুধবাৰে বিয়লি উত্তপ্ত কৰি তোলে পৰিস্থিতি ।

গোৱালপাৰাত ষ্ট্ৰং ৰুমত চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা,28 এপ্ৰিল : গোৱালপাৰাত ষ্ট্ৰং ৰুমৰ চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গোৱালপাৰা ভ্ৰমণৰ পিছতে চিচি কেমেৰাৰ বিসংগতি হোৱাৰ দাবী কৰিছে বিৰোধী দলৰ প্ৰাৰ্থী সকলে ।

উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ দুই বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু একে ৰছিদ আলমৰ উপৰিও কেইবাজন প্ৰাৰ্থীৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰীক্ষণৰ দায়িত্বত থকা এজেণ্টসকলে নিশা এক-ডেৰঘণ্টাকৈ চিচি কেমেৰা ৰহস্যজনকভাৱে বন্ধ হৈ পৰা ঘটনাক কেন্দ্ৰকৰি বুধবাৰে বিয়লি উত্তপ্ত কৰি তোলে পৰিস্থিতি ।

মন কৰিবলগীয়া যে, বিৰোধী দলে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ কাৰণ হ’ল, ষ্ট্ৰং ৰুমলৈ চিচি কেমেৰা ঠিকাদাৰৰ অচিনাকি যুৱকৰ আহ-যাহক কেন্দ্ৰ কৰি ৷ সেই হেতুকে প্ৰশাসনৰ সহযোগতে এই তিনি যুৱকে ষ্ট্ৰং ৰুমৰ কাষলৈ যাব পাৰিছে বুলি অভিযোগ কৰিছে কংগ্ৰেছৰ দুই বিধায়কে । ইপিনে পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলিত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । একেদৰে প্ৰশাসন আৰু আৰক্ষীয়ে গোৱালপাৰা মহাবিদ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ চিচি কেমেৰা নিশা এক-ডেৰ ঘণ্টা বিকল হৈ পৰাটো ঠিক কৰা আৰু ষ্ট্ৰং ৰুমৰ কাষলৈ কোনো লোককে যাব নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি শান্ত হয় ।

লগতে পঢ়কঃ ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.