ETV Bharat / state

Govt Employees arrested in Goalpara : গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ কৰ্মচাৰী

author img

By

Published : Feb 28, 2023, 10:18 PM IST

গোৱালপাৰাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীক ঘোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ (Govt Employees arrested in Goalpara)। ধৃত অভিযুক্ত কেইটা হৈছে দ্বীপজিৎ চৰকাৰ আৰু আনচাৰ আলী ৷

Employee arrGovt Employees arrested in Goalparaested for allegedly taking money
গোৱালপাৰাত চি এম ভিজিলেন্স শাখাৰ অভিযান

গোৱালপাৰাত চি এম ভিজিলেন্স শাখাৰ অভিযান

গোৱালপাৰা, 28 ফেব্ৰুৱাৰী : আকৌ হাত দাঙিলে দুৰ্নীগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে ৷ এইবাৰ গোৱালপাৰা চহৰৰ নয়াপাৰাস্থ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী চি এম ভিজিলেন্স অৰ্থাৎ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৰোষত পৰিল ৷ দহ হেজাৰ টকা ঘোচ লওঁতে হাতে-লোটে ধৰা পৰে দুগৰাকী চৰকাৰী কৰ্মচাৰী (Govt Employees arrested for allegedly taking money) ৷

জানিব পৰা মতে, দুয়োগৰাকী অভিযুক্ত কৰ্মীচাৰীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাই (Govt Employees arrested in Goalpara)। ধৃত অভিযুক্ত কেইটা হৈছে তৃতীয় বৰ্গৰ কৰ্মচাৰী দ্বীপজিৎ চৰকাৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী ।

ঘটনা বিৱৰণি অনুসৰি, মহিবুল ইছলাম নামৰ এগৰাকী ফাৰ্মাচিষ্টক ফাৰ্মাচি (জি পি আৰ) লাইলেন্সৰ বাবে এমাহমান পূৰ্বে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাই তৃতীয় বৰ্গৰ কৰ্মচাৰী (কমম্পিউটাৰ অপাৰেটৰ) দ্বীপজিৎ চৰকাৰ আৰু চতুৰ্থ বৰ্গৰ (পিয়ন) কৰ্মচাৰী আনচাৰ আলীৰ জৰিয়তে মুঠ ঊন্নৈশ হাজাৰ টকা দাবী কৰিছিল ।

সেই সময়তে দাবী কৰা ধনৰ চাৰি হাজাৰ টকা আদায়ো লৈছিল । কিন্তু লাইচেন্সৰ কোনো কাম কৰা নাছিল । আনকি দাবী কৰা সম্পূৰ্ণ ধন সম্পূৰ্ণ আদায় দিলেহে লাইচেন্সৰ কাম কৰা হ’ব বুলি দাবী কৰিছিল অভিযুক্ত কেইটাই । পৰৱৰ্তী সময়ত দাবী উপায়ন্তৰ হৈ পৰা ফাৰ্মাচিষ্ট মহিবুল ইছলামে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাসহ কম্পিউটাৰ অপাৰেটৰ দ্বীপজিৎ চৰকাৰ আৰু পিয়ন আনচাৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাত এক অভিযোগ দাখিল‌ কৰে ।

তাৰ পাচতে দুৰ্নীতি নিবাৰক শাখাই অভিযুক্তকেইটাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ পাং পাতে । সেই মতে কৰা হ’ল পৰিকল্পনা ৷ পূৰ্ব নিৰ্ধাৰিত অনুসৰি মহিবুল ইছলামে মঙলবাৰে কাৰ্যালয়টোৰ দুই কৰ্মচাৰী ক্ৰমে কম্পিউটাৰ অপাৰেটৰ দ্বীপজিৎ চৰকাৰ আৰু পিয়ন আনচাৰ আলীৰ লগত বাকী থকা ধনখিনি দিবলৈ বন্দবস্ত কৰে ৷

তেনে সময়তে কাৰ্যালয়টোত পূৰ্বে খাপ পিটি থকা চি এম ভিজিলেন্সৰ দলটোৱে দুই কৰ্মচাৰীক লাইচেন্সৰ বাবদ ঘোচ লোৱা দহ হেজাৰ টকাসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি, সংগীতা নাথ মাজাৰ ভূঞাই কাৰ্যালয়টোত ঔষধ পৰিদৰ্শকৰ দায়িত্বভাৰ লোৱাৰে পৰাই পৰিদৰ্শকগৰাকীৰ পৃষ্ঠপোষকতাত কাৰ্যালয়টোত এক চিণ্ডিকেটৰাজ গঢ়ি উঠিছে ।

পুৰণি ফাৰ্মাচী লাইচেন্সৰ নবিকৰণ আৰু নতুন লাইচেন্স দিয়াৰ ক্ষেত্ৰত চিণ্ডিকেট চক্ৰটোক বৃহৎ‌ অংকৰ ধন ঘোচ নিদিলে কোনো কাম নহয় । এইগৰাকী ঔষধ পৰিদৰ্শকে দীৰ্ঘদিন ধৰি ঔষধ ব্যৱসায়ীসকলক বিভিন্ন অযুহাতত অযথা হাৰাশাস্তি কৰি অহাৰো পূৰ্বৰ বহু অভিযোগ আছে । অনাগত সময়ত মুখ্যমন্ত্ৰীৰ তদাৰকী দুৰ্নীতি নিবাৰক শাখাই এনে বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Job scam in Nalbari: চাকৰিৰ নামত ধন লোৱাৰ অভিযোগত আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.