ETV Bharat / state

গোৱালপাৰাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Aug 31, 2020, 10:55 PM IST

বিদ্যালয়খনৰ প্ৰধান শিক্ষক লালচান আলিয়ে দুৰ্নীতি কৰাৰ বাবেই বিদ্যালয় কমিটিত নিজৰ মানুহৰ দ্বাৰাই কমিটি গঠন কৰিছে তথা স্থানীয় ৰাইজে দুৰ্নীতিৰ কথা কবলৈ আহিলে প্ৰধান শিক্ষকে অশ্লীল ভাষাৰে গালি গালাজ আৰু মৃত্যুৰ ভাবুকি দি পঠাই দিয়ে বুলিও একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

goalpara-school-midday-meal-corruption
গোৱালপাৰাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

গোৱালপাৰা, 31 আগষ্ট : গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খনাৰপাৰ প্ৰাথমিক বিদ্যালয়ত সংগঠিত হৈছে এক আজৱ কাণ্ড! বিদ্যালয় খনত পাঠদানত মুঠ ১২ জন ছাত্ৰ-ছাত্ৰী কিন্তু প্ৰধান শিক্ষকৰ কাগজে কলমে ৬০ জন ছাত্ৰ-ছাত্ৰী থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত খনাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বছৰ-বছৰ ধৰি ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ পোহৰলৈ আহিছে । মাত্ৰ ১২ গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত কাগজ কলম ত ৬২ জন ছাত্ৰ-ছাত্ৰী দেখুৱাই বছৰি লাখ-লাখ টকা বিদ্যালয় খনৰ প্ৰধান শিক্ষক লালচান আলিয়ে লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ।

কেৱল সেয়াই নহয় ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ কিঞ্চিত পৰিমানে দি বাকী চাউলখিনি বিক্ৰী কৰা বুলি অভিযোগ তুলিছে অভিভাৱকে। বিদ্যালয় খনৰ প্ৰধান শিক্ষক লালচান আলিয়ে বিদ্যালয় খনৰ আন্তঃগাঁথনিৰ বাবে অহা ধন ও আত্মসাৎ কৰাৰ লগতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰচাৱগাৰৰ গৃহ নিৰ্মাণতো দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ অভিভাৱকৰ ৷

গোৱালপাৰাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

বিদ্যালয়খনৰ প্ৰধান শিক্ষক লালচান আলিয়ে দুৰ্নীতি কৰাৰ বাবেই বিদ্যালয় কমিটিত নিজৰ মানুহৰ দ্বাৰাই কমিটি গঠন কৰিছে তথা স্থানীয় ৰাইজে দুৰ্নীতিৰ কথা কবলৈ আহিলে প্ৰধান শিক্ষকে অশ্লীল ভাষাৰে গালি গালাজ আৰু মৃত্যুৰ ভাবুকি দি পঠাই দিয়ে বুলিও একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

এতিয়া স্থানীয় ৰাইজে চৰকাৰ তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰধান শিক্ষক লাল চান আলিৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ।

লগতে পঢ়ক : মঙলদৈৰ আউলাচৌকাত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.