ETV Bharat / state

গোৱালপাৰাত প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ - প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ভোগালীক আদৰাৰ বাবে ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ মাজতেই গোৱালপাৰাবাসীয়ে প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷

Goalpara magh bihu preparation
গোৱালপাৰাত প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ
author img

By

Published : Jan 10, 2020, 4:40 PM IST

গোৱালপাৰা,9জানুৱাৰী : সমাগত ভোগালী বিহু ৷ ৰাজ্যবাসীয়ে হেঁপাহৰ ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে ৷ পথাৰৰ খেতি চপাই আজৰি হৈছে কৃষকসকল, যুৱতি-মহিলা সকলেও নানাধৰণৰ পিঠা-পণাৰে সাজু হৈছে বিহুৰ বাবে ৷ ঠায়ে-ঠায়ে আকৌ ভেলাঘৰ সজাৰ চলিছে অঘোষিত প্ৰতিযোগিতা ৷ ক'ৰবাত যদি ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ সজাৰ প্ৰস্তুতি চলিছে ,ক'ৰবাত আকৌ চন্দ্ৰযান 2 ৰ আৰ্হিত সজা হৈছে ভেলাঘৰ ৷

Goalpara magh bihu preparation

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাবাসীয়েও ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত সাজি উলিওৱা হৈছে আটকধুনীয়া ভেলাঘৰ আৰু মেজি ৷ এইবেলি গোৱালপাৰা জিলাৰ জিৰা অঞ্চলৰ থিৰাং-নোৱাপাৰা গাঁওবাসীয়ে সাজি উলিয়াইছে এহাল চিলনী আৰু তিনিটাকৈ পোৱালীৰ এক প্ৰাকৃতিক দৃশ্য । 'গছ থাকিলেহে মানুহ থাকিব' বুলি সমাজত এক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে গাঁওবাসীয়ে প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰটো ৷ যি দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

অন্য এক খবৰৰ বাবে : শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

উল্লেখ্য যে, অবাধ গতিত বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ভয়াৱহ ভাবে বৃদ্ধি পাইছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৷ বনাঞ্চল ধ্বংস ৰোধ কৰাৰ বাবে গাঁওবাসীয়ে সমাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ভেলাঘৰৰ ৰূপত সাজি উলিয়াইছে এই প্ৰাকৃতিক দৃশ্য ৷ অঞ্চলবাসীয়ে ভেলাঘৰটো সম্পূৰ্ণৰূপে নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে ৷

Intro:Anchor:-অসমীয়া ৰ নঙলা মুখ পালে ভোগৰ বিহু ভোগালী।কেইদিনমান পাছতে আৰম্ভ হবলগীয়া এই ভোগালো বিহুলৈ উথপ থপ গাঁওৰ ডেকা-গাভৰু।উখল-মাখল হৈ পৰিছে প্ৰতিখন চহা অসমীয়া গাঁও।

Body:Anchor:-অসমীয়া ৰ নঙলা মুখ পালে ভোগৰ বিহু ভোগালী।কেইদিনমান পাছতে আৰম্ভ হবলগীয়া এই ভোগালো বিহুলৈ উথপ থপ গাঁওৰ ডেকা-গাভৰু।উখল-মাখল হৈ পৰিছে প্ৰতিখন চহা অসমীয়া গাঁও।

VO:- উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ বাবে ডেকা-গাভৰুৱে সাজি উলিয়াইছে অটোকধুনিয়া একোটা ভেলা ঘৰ।এইবেলি গোৱালপাৰা জিলাৰ জিৰা অঞ্চলৰ থিৰাং-নোৱাপাৰা গাঁওৰ ডেকাসকলে সাজি উলিয়াইছে এহাল চিলনী আৰু তিনিটাকৈ পোৱালিৰ এক প্ৰাকৃতিক দৃশ্য।যি দৃশ্য ই প্ৰতিজন প্রকৃত প্ৰেমী লোকৰ মন চুই গৈছে হৃদয়।অবাধ গতিত বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন ৰ বাবে ভয়াবহ বৃদ্ধি পাইছে মানুহ আৰু বন্যপ্ৰাণী ৰ সংঘাত।ভেলাঘৰৰ ৰূপত সাজি উলিওৱা এই প্ৰাকৃতিক দৃশ্য ত দেখুৱা হৈছে 'গছ থাকিলেহে মানুহ থাকিব'।এডাল কটা গছত চিলনীৰ বাঁহ আৰু তাৰে নিচেই কাষতে গছ কটা আৰু মাৰানাশ্ৰ লৈ বন্যপ্ৰাণী চিকাৰ কৰাৰ দৃশ্য।এই সকলোবোৰ দৃশ্য নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে ।এই মহৎ বাৰ্তাবাসক আকৰ্ষণীয় ভেলাঘৰৰ সন্দৰ্ভত গোৱালপাৰা সাংবাদিক জাহিদুল ইছলাম ৰ এক প্ৰতিবেদন।

Byte:- Local people.

Conclusion:Byte:- Local people.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.