গোৱালপাৰা, ২৬ ফেব্ৰুৱাৰী : যোৰহাট-গোলাঘাটৰ বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যুক সাৱটিলোৱাৰ পাচতে কৃষ্ণাইৰ টুকুৰাত মঙলবাৰে হাতে হাতে চুলাই বিৰোধী বেনাৰ-প'ষ্টাৰ লৈওলাই আহিল শতাধিক মহিলা ।
কৃষ্ণাইত চুলাইৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ - গোৱালপাৰা
ঘৰে ঘৰে গৈ চুলাই ব্যৱসায়ীক সকীয়নী
গোৱালপাৰাত চুলাইৰ বিৰুদ্ধে শতাধিক মহিলা
গোৱালপাৰা, ২৬ ফেব্ৰুৱাৰী : যোৰহাট-গোলাঘাটৰ বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যুক সাৱটিলোৱাৰ পাচতে কৃষ্ণাইৰ টুকুৰাত মঙলবাৰে হাতে হাতে চুলাই বিৰোধী বেনাৰ-প'ষ্টাৰ লৈওলাই আহিল শতাধিক মহিলা ।
Slug, Goalpara Liquor Destroy vis+byte send FTP.26/02/19. Anchor :- কৃষ্ণাইৰ টুকুৰাত চুলাইৰ বিৰুদ্ধে মহিলাৰ অভিযান
ঘৰে ঘৰে গৈ চুলাই ব্যৱসায়ীক সকিয়নী
V.O.:- কৃষ্ণাইৰ টুকুৰাত চুলাইৰ বিৰুদ্ধে ডেৰ শতাধিক মহিলাৰ অভিযান। যোৰহাট-গোলাঘাটৰ চুলাই ট্ৰেজেদীৰ পাছতে কৃষ্ণাইৰ টুকুৰা অঞ্চলৰ মহিলাসকলে হাতে-হাতে চুলাই বিৰোধী বেনাৰ-পোষ্টাৰ লৈ টুকুৰা বজাৰত উলিয়ালে এক সমদল। এই সমদলটোক নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে। অবৈধ চুলাইৰ ভাটি বন্ধ কৰক, চুলাই ব্যৱসায়ী আৰু আৱকাৰী বিভাগৰ মিটিৰালি নচলিব, চুলাই ব্যৱসায়ী হায়! হায়! টুকুৰাৰ চুলাই ব্যৱসায়ীৰ বিৰুদ্ধে আৱকাৰী বিভাগে ব্যৱস্থা লওঁক, আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ আদি শ্লোগান দি টুকুৰা বজাৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে। পিছত প্ৰতিবাদী মহিলাসকলে টুকুৰা বজাৰৰ আশে-পাষে থকা চুলাই ব্যৱসায়ীসকলৰ ওপৰত জপিয়াই পৰে। ঘৰে ঘৰে গৈ চুলাইৰ উৎপাদন আৰু বিক্ৰি বন্ধ কৰিবলৈ সকিয়নী দিয়াই নহয় লণ্ডভণ্ড কৰিলে চুলাইৰ ভাটি। এইসকল মহিলাৰ এই চুলাই বিৰোধী অভিযানত পূৰ্ণ সহযোগ কৰিলে আগিয়া থানাৰ এটা আৰক্ষীৰ দলে। অবৈধ চুলাইৰ উপৰি একেদৰে টুকুৰা বজাৰৰ গাঞ্জা ব্যৱসায়ীক ক্ৰয়-বিক্ৰয় বন্ধ কৰিবলৈ দিলে সকিয়নী। মহিলাসকলৰ এই অভিযানত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিলে চুলাই তথা গাঞ্জা ব্যৱসায়ীসকলে। অবৈধ চুলাই আৰু গাঞ্জাৰ অবাধ ক্ৰয়-বিক্ৰয় ফলতে টুকুৰা অঞ্চলৰ সামাজিক আৰু শৈক্ষিক পৰিবেশ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছে। এই কাৰণতে একাংশ ক্ষোভিত মহিলাই সময়ে সময়ে অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই আহিছিল যদিও জিলাখনৰ আৱকাৰী বিভাগটোয়ে সহযোগ নকৰাৰ বাবে এই চুলাই ব্যৱসায়ীসকলে কোনো প্ৰতিবাদক কেৰেপ কৰা নাছিল।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
Last Updated : Feb 26, 2019, 4:19 PM IST