ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত গোৱালপাৰা অপহৰণকাণ্ডৰে জড়িত সাত অপহৰণকাৰী

author img

By

Published : Jan 8, 2021, 12:55 PM IST

গোৱালপাৰাত এক অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ৯ দিন পিছত উদ্ধাৰ অপহৃত কয়লা ব্যৱসায়ী । দুধনৈ আৰু মাটিয়া আৰক্ষীৰ যুটীয়া অভিযানত জালত পৰিল মহিলাসহ সাতটাকৈ অপহৰণকাৰী ।

আৰক্ষীৰ হাতত ধৰা পৰিল সাতটাকৈ অপহৰণকাৰী
আৰক্ষীৰ হাতত ধৰা পৰিল সাতটাকৈ অপহৰণকাৰী

গোৱালপাৰা, ৮ জানুৱাৰী: অৱশেষত গোৱালপাৰা আৰক্ষীৰ হাতত ধৰা পৰিল সাতটাকৈ অপহৰণকাৰী । অপহৰণ কাণ্ড সংঘটিত হোৱা ৯ দিন পাচত গ্ৰেপ্তাৰ হ'ল সাতটাকৈ অপহৰণকাৰী । উল্লেখ্য যে, যোৱা ২৯ ডিচেম্বৰৰ নিশা গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত দলগোমৰ পৰা নজৰুল ইছলাম নামৰ এগৰাকী কয়লা ব্যৱসায়ীক সাতজনকৈ অজ্ঞাত ব্যক্তিয়ে অপহৰণ কৰি মুকলি কৰি দিয়াৰ বাবদ ইছলামৰ পৰিয়ালৰ পৰা ১ কোটি টকা দাবী কৰিছিল ।

গোৱালপাৰা অপহৰণ কাণ্ড
গোৱালপাৰা অপহৰণ কাণ্ড

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাৰ পাচতে গোৱালপাৰা জিলাৰ দুধনৈ আৰু মাটিয়া আৰক্ষীৰ যুটীয়া অভিযানত মেঘালয়ৰ অতি দুৰ্গম অঞ্চলৰ লগতে দুধনৈ আৰু চিৰাঙত কেইবাদিনো ধৰি চলা অভিযানৰ অন্তত অপহৃত নজৰুল ইছলামক উদ্ধাৰ কৰাৰ লগতে ধৰা পৰে মহিলাসহ সাত অপহৰণকাৰী । ইফালে ইছলামৰ বাহনখন চিৰাঙত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: কৰিমগঞ্জত লোমহৰ্ষক হত্যাকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.