গোৱালপাৰা, 5অক্টোবৰঃ আজি শাৰদীয় দুৰ্গোৎসবৰ মহাসপ্তমী ৷ সমগ্ৰ দেশতে আৰম্ভ হৈছে দেৱী দূৰ্গাৰ আৰাধনা ৷ পুৱাৰ পৰাই দেৱী বন্দনাৰে মুখৰিত হ’ল গোৱালপাৰাৰ গোৱালতুলি পূজা মণ্ডপ ৷ গোৱালতুলি পূজা সমিতিয়ে এইবাৰ ভক্তগনক আকৰ্ষণ কৰিবলৈ ষ্টীলৰ বাচন-বৰ্তনেৰে নিৰ্মান কৰিছে মা দূর্গাৰ প্ৰতিমা ৷ প্ৰতিমাৰ সৈতে গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীৰ প্ৰতিমাও বাচন বৰ্তনেৰে নিৰ্মান কৰা হৈছে ৷
এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে দৰ্শকক চমক দিবলৈ সাজু কৰি তুলিছে গোৱালতুলি পূজা মণ্ডপ কমিটিয়ে ৷ আনহাতে প্ৰধানমন্ত্ৰীৰ প্লাষ্টিক বৰ্জন অভিযানক অনুসৰণ কৰিয়ে জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ বা প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ মণ্ডপৰ চাৰিওফালে আয়োজক কমিটিয়ে আৰি ৰাখিছে ফলক ৷