গোৱালপাৰা, 22 এপ্ৰিল: মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে গোৱালপাৰা জিলাৰ চাৰিটাকৈ সমষ্টি ৷ ৯৪৬ টা ভোটগ্ৰহন কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল ৷ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত এই চাৰিটা সমষ্টিত কাইলৈ মুঠ ৭,০৬,৯৪০ জন ভোটাৰে ৯৪৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩,৫৬,৩৮৪ জন আৰু মহিলা ভোটাৰ হৈছে মুঠ ৩,৫০,৫৪০ গৰাকী । জিলাখনত চাৰিটাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোৱালপাৰা চহৰত দুটা আৰু লখিমপুৰ, দুধনৈত এটাকৈ স্থাপন কৰা হৈছে । এই ভোটগ্ৰহণ কেন্দ্ৰকেইটা মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হ'ব ।
গোৱালপাৰাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰস্তুতি - চাৰিটা সমষ্টি
মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে গোৱালপাৰা জিলাৰ চাৰিটাকৈ সমষ্টি ৷ ৯৪৬ টা ভোটগ্ৰহন কেন্দ্ৰত মুঠ ৭,০৬,৯৪০ জন ভোটাৰে ভোট প্ৰদান কৰিব ৷