গোৱালপাৰা, ২২ জানুৱাৰী: গোৱালপাৰাত বিজেপি কৰ্মী সমর্থকৰ উত্তাল প্ৰতিবাদ । চহৰখনৰ মাজমজিয়াত বিজেপি নেতা মমিনুল আৱালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিজেপি কৰ্মী সমৰ্থকে । আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোৱালপাৰা পূৱ সমষ্টিত মমিনুল আৱালৰ প্ৰাৰ্থীত্বৰ প্ৰক্ষেপক লৈ এই প্ৰতিবাদ ক্ষুদ্ধ বিজেপি কৰ্মীসকলৰ ।
সূত্ৰ অনুসৰি, অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে বিতৰ্কিত নেতা মমিনুল আৱালে প্ৰাৰ্থীত্বৰ কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে গোৱালপাৰাত বিজেপি কৰ্মী সমর্থকসকল ক্ষোভিত হৈ পৰে । যদি বিজেপি দলে স্থানীয় নেতাক প্ৰাৰ্থীত্ব নিদি বিতৰ্কিত নেতা মমিনুল আৱালক প্ৰক্ষেপ কৰে তেন্তে এইসকল কৰ্মী সমৰ্থকে বিজেপি বিৰোধ কৰি যাব বুলি হুংকাৰ দিয়ে ।
ক্ষুদ্ধ বিজেপি কৰ্মীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিতৰ্কিত বিজেপি নেতা মমিনুল আৱালৰ প্ৰতিমূৰ্তি দাহ কৰি মমিনুল আৱাল হায় হায়, মমিনুল আৱাল গো বেক, চালানি নেতা নালাগে, স্থানীয় নেতাক সুযোগ দিয়ক, আদি শ্লোগানেৰে গোৱালপাৰাৰ ৰাজপথ উত্তাল কৰি তোলে ।
দলৰ একাংশ কৰ্মী সমৰ্থকে মমিনুল আৱালৰ ওপৰত ক্ষোভ উজাৰি গোৱালপাৰা পূৱ বিধানসভা সমষ্টিত বিজেপিৰ পৰা মমিনুল আৱালক প্ৰাৰ্থীত্ব দিলে কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে।