ETV Bharat / state

নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল

গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু জিলা প্ৰশাসন । জিলাখনত মুঠ ১,০৫৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ লগতে অতিৰিক্তভাবে ১৫৫ সহযোগী কেন্দ্ৰ স্থাপন কৰা হৈছে । সংবাদমেলত এই ঘোষণা জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ ।

Goalpara DC Press Meet
নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল
author img

By

Published : Mar 2, 2021, 6:06 PM IST

গোৱালপাৰা, 2 মাৰ্চ : বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছৰে পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰা বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসন । নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত নিৰ্বাচন । মঙলবাৰে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই এখন সংবাদমেল আয়োজন কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত অৱগত কৰে ৷ জিলা উপায়ুক্তই সদৰি কৰা অনুসৰি, গোৱালপাৰাত চাৰিটা সমষ্টিৰ প্ৰাৰ্থীক ১২ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ মনোনয়ন পত্ৰ প্ৰদান কৰা হ’ব । ২০ মাৰ্চত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ’ব ।

নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল

গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভাৰ সমষ্টিৰ ৩৬ নং দুধনৈ (অনুসূচীত জনজাতি) সমষ্টিত ২৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২৫ টা সহযোগী কেন্দ্ৰক ধৰি মুঠ ২৯২ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিত ৩১২ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ২৭৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৩৬ টা সহযোগী কেন্দ্ৰ । একেদৰে ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিত ২৫৮ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৪৬ টা সহযোগী কেন্দ্ৰ । সমান্তৰালকৈ ৩৯ নং জলেশ্বৰ সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২৩৩ টা ৷ ইয়াৰে ১৯০ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৪৩ টা সহযোগী কেন্দ্ৰ । সংবাদমেলত জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকৰ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া ।

লগতে পঢ়ক : শ্ৰমিকৰ সৈতে মত বিনিময় চামেলিৰূপী প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.