ETV Bharat / state

গোৱালপাৰাত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা

author img

By

Published : Jan 10, 2021, 8:43 PM IST

গোৱালপাৰাত দেওবাৰে বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয় । পশ্চিম গোৱালপাৰা সমষ্টিৰ চুনাৰী আৰু মাৰকুলাত একেদিনাই দুখনকৈ সজাগতা সভাৰ আয়োজন কৰা হয় । দুয়োখন সভাতে জে এফ ফাউণ্ডেচনৰ সঞ্চালক তথা যুৱ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

গোৱালপাৰাত সজাগতা সভা
গোৱালপাৰাত সজাগতা সভা

গোৱালপাৰা , ১০ জানুৱাৰী : গোৱালপাৰাত দেওবাৰে বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয় । পশ্চিম গোৱালপাৰা সমষ্টিৰ চুনাৰী আৰু মাৰকুলাত একেদিনাই দুখনকৈ সজাগতা সভাৰ আয়োজন কৰা হয় । জিলাখনৰ মাৰকুলাত জে এফ ফাউণ্ডেচনৰ উদ্য়োগত আয়োজন কৰা সজাগতা সভা খনৰ বিষয় বস্তু আছিল "ভয়ৰ পৰা স্বাধীনতা"। দুয়োখন সভাতে জে এফ ফাউণ্ডেচনৰ সঞ্চালক তথা যুৱ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

হাবিব মহম্মদ চৌধুৰী প্ৰথমে হেলিকপ্টাৰেৰে চুনাৰীৰ সজাগতা সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ পিছতেই মাৰকুলাৰ সভালৈ উৰা মাৰে । পিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এগৰাকী অৰাজনৈতিক নেতাই সুদূৰ হোজাইৰ পৰা আহি চৰাঞ্চলত হেলিকপ্টাৰেৰে চমক দিয়াত ৰাইজৰ মাজত চলিছে বিশেষ চৰ্চা।

গোৱালপাৰাত সজাগতা সভা
গোৱালপাৰাত সজাগতা সভা

মাৰকুলাৰ সভাত ভয়ৰ পৰা স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰি চৌধুৰীয়ে কয় যে সাধাৰণ মানুহৰ মাজত ধৰ্মীয় নেতা সকলে ধৰ্মৰ নামত অযথা কিছু ভয় দেখুৱাই থাকে। যাৰ বাবে পিছপৰা অঞ্চলত ব্যৱহাৰিক শিক্ষা, বাল্যবিবাহ আৰু অন্ধবিশ্বাসে গা কৰি উঠিছে । সকলো ভয়-শংকা দূৰ কৰি শিক্ষাৰ বাবে প্ৰতি গৰাকী অভিভাৱকে কষ্ট কৰি নিজৰ সন্তানক শিক্ষিত কৰি তুলিব লাগিব বুলি আহ্বান জনায় জে এফ ফাউণ্ডেচনৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয় ।

আন্তৰ্জাতিক খ্যাতি সম্পন্ন উদ্যোগপতি গৰাকীৰ সৈতে অসম চৰকাৰৰ লগত সু সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি কয় যে ৰাইজৰ যিকোনো বিপদ আপদত তেওঁৰ সৈতে যোগাযোগ কৰিলে নিশ্চয় সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.