ETV Bharat / state

অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা অগপ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ - হিন্দু সম্প্ৰদায়

২০১৬ চনত এআইইউডিএফ-ত থকা অৱস্থাত পশ্চিম গোৱালপাৰাৰ চুনাৰীত এখন সভাত সাম্প্ৰদায়িক মন্তব্য কৰিছিল শ্বেখ শ্বাহ আলমে ৷ হিন্দু সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি এই মন্তব্য কৰিছিল আলমে । যাৰ পৰিপ্ৰেক্ষিতত নেতাগৰাকীৰ ওপৰত ১৩ টাকৈ গোচৰ ৰুজু হৈছিল ৷

goalpara agp candidate press meet
অসমবাসী ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা অগপ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ
author img

By

Published : Mar 14, 2021, 9:34 PM IST

পশ্চিম গোৱালপাৰা,14 মাৰ্চ: পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে শ্বেখ শ্বাহ আলমে ৷ দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি শ্বেখ শ্বাহ আলমে হিন্দু সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি সাম্প্ৰদায়িক মন্তব্য কৰাৰ কথা স্বীকাৰ কৰি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ৷

সংবাদমেলত অগপৰ প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ২০১৬ চনত এআইইউডিএফ-ত থকা অৱস্থাত পশ্চিম গোৱালপাৰাৰ চুনাৰীত এখন সভাত সাম্প্ৰদায়িক মন্তব্য কৰিছিল শ্বেখ শ্বাহ আলমে ৷ হিন্দু সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি এই মন্তব্য কৰিছিল আলমে । যাৰ পৰিপ্ৰেক্ষিতত নেতাগৰাকীৰ ওপৰত ১৩ টাকৈ গোচৰ ৰুজু হৈছিল ৷ অগপৰ প্ৰাৰ্থিত্ব লাভৰ পাছত সেই মন্তব্যৰ বিপৰীতে অনুতপ্ত হোৱা বুলি প্ৰকাশ কৰে আলমে । ফলস্বৰূপে অসমবাসীৰ ওচৰত পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা কৰিছে অগপ প্ৰাৰ্থী শ্বাহ আলমে ।

অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা অগপ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ

আনহাতে, সংবাদমেলত আলমে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ চৰকাৰ আৰু পশ্চিম গোৱালপাৰাত অগপৰ বিজয় হ’ব বুলি দাবী কৰে । সংবাদমেলত শ্বেখ শ্বাহ আলমৰ লগতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন আৰু কেন্দ্ৰীয় সদস্য ৰাম বচন ৰবিদাস উপস্থিত থাকে ।

লগতে পঢ়ক: ভবেন্দ্ৰ নাথ ভড়ালীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.