ETV Bharat / state

গোৱালপাৰাত চোৰাং কাঠৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা

author img

By

Published : Aug 22, 2022, 12:12 PM IST

গোৱালপাৰাত গুলীচালনাৰ ঘটনা (Shooting incident in Goalpara) ৷ চোৰাং কাঠৰ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি বনকৰ্মীয়ে গুলীচালনা কৰে যদিও পলাই সাৰে চোৰাং সৰবৰাহকাৰীকেইটা ৷ প্ৰাপ্ত তথ্য অনুসৰি নিশা হ’লেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চলে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি ৷

Foresters shoot at smugglers in Goalpara
গোৱালপাৰাত চোৰাং কাঠৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা

গোৱালপাৰা, 22 আগষ্ট: গোৱালপাৰাত গুলীচালনাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Shooting incident in Goalpara) ৷ চোৰাং কাঠৰ ব্যৱসায়ীক লক্ষ্য কৰি বনকৰ্মীয়ে গুলীচালনা কৰে যদিও পলাই সাৰে চোৰাং সৰবৰাহকাৰীকেইটা ৷

দেওবাৰে নিশা 11 বজাত এক গোপন সূত্ৰ পম খেদি গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে তুলসীবাৰী ঘাটলৈ ৰাওনা হয় ৷ নিশা বনকৰ্মীৰ দলটোৱে ঘাটৰ পাৰত দুখন ট্ৰেক্টৰ ৰৈ থকাৰ লগতে ব্ৰহ্মপুত্ৰ নদীত এখন মেচিন নাও প্ৰত্যক্ষ কৰে ৷ নাওখনৰ পৰা ভালেখিনি মূল্যবান কাঠ নমাই থকাৰ সময়তে 8 জনীয়া চোৰাংসৰবৰাহকাৰীৰৰ দলটোৱে বনকৰ্মীকেইজন দেখি দা লৈ খেদি আহে ৷

উপায়ন্তৰ হৈ নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত বনকৰ্মী এগৰাকীয়ে শূন্যলৈ গুলীচালনা কৰে ৷ বনকৰ্মীৰ দলটোৰ গুলিচালনাৰে প্ৰতি আক্ৰমণ দেখি নিশাৰ আন্ধাৰৰ সুযোগ লৈ নদী পথেৰে পলায়ন কৰে কাঠ সৰবৰাহকাৰী দলটোৱে (Foresters shoot at smugglers in Goalpara) । চোৰাং সৰবৰাহকাৰীৰ দলটোৰ দুটাই নদীত জাপ দিয়াৰ লগতে বাকীকেইটাই মেচিন নাওখনেৰে পলায়ন কৰে ৷

বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুখন ট্ৰেক্টৰ ভৰ্তি প্ৰায় পাঁচ লক্ষাধিক টকাৰ মূল্যবান কাঠৰ লগতে এখন AS 18 K 5414 নম্বৰৰ পালছাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে একেদিনাই গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কামাৰপাৰাৰ পৰা তিনখনকৈ মাটিভৰ্তি বাহন জব্দ কৰে বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দলে ।

লগতে পঢ়ক: কলগাছিয়াৰ আমগুৰিত এগৰাকী কন্যা শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.