ETV Bharat / state

খাদ্যত বিষক্ৰিয়া হৈ গোৱালপাৰাত কিশোৰৰ মৃত্যু

author img

By

Published : Feb 13, 2021, 10:06 PM IST

গোৱালপাৰা লক্ষীপুৰৰ নিজ কুৰ্শ্বাকাটীত খাদ্যত বিষক্ৰিয়া হৈ কিশোৰৰ মৃত্যু ৷ নিহত কিশোৰজন নিজ কুৰ্শ্বাকাটী গাঁৱৰ ছুৰুত জামাল আৰু মজিৰন খাতুনৰ 11 বছৰীয়া পুত্ৰ ৱাচকুৰুণি (11) ৷ দুই স্বামী স্ত্ৰী ৰ লগতে কনিষ্ঠ সন্তান আবু বক্কাৰ ছিদ্দিক (5) বৰ্তমানেও চিকিৎসাধীন ৷ আবু বক্কাৰ ছিদ্দিকৰ অৱস্থা সংকটজনক ৷

child died due to food poisoning in goalpara

গোৱালপাৰা, 13 ফেব্ৰুৱাৰী: গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত নিজ কুৰ্শ্বাকাটী গাঁৱৰ এটা পৰিয়ালত খাদ্যৰ বিষক্ৰিয়া হৈ এটি কিশোৰৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নিজ কুৰ্শ্বাকাটী গাঁৱৰ ছুৰুত জামালে শুকুৰবাৰে পুৱা বজাৰৰ পৰা আলু আৰু বেঙেনা কিনি পত্নী মজিৰন খাতুনক ৰান্ধিবলৈ দিছিল ৷ জামালৰ পৰিয়ালৰ সকলোৱে দুপৰীয়া খাদ্য গ্ৰহণ কৰাৰ লগতে নিশালৈও একে খাদ্য গ্ৰহণ কৰিছিল ৷

দুই স্বামী স্ত্ৰী ৰ লগতে কনিষ্ঠ সন্তান আবু বক্কাৰ ছিদ্দিক (5) বৰ্তমানেও চিকিৎসাধীন

শুকুৰবাৰৰ নিশা প্ৰায় ন বজাৰ পৰাই স্বামী স্ত্ৰীৰ লগতে পুত্ৰ ৱাচকুৰুণি (11) আৰু আবু বক্কাৰ ছিদ্দিক(5) পেটৰ বিষত আক্ৰান্ত হয় আৰু বমি কৰিবলৈ ধৰে ৷ জানিব পৰা মতে ৰাতিৰ ভাগত পৰিয়ালটোৱে চিকিৎসকৰ সহায় নলৈ জৰা ফুকা কৰে আৰু পুৱালৈ ৱাচকুৰুণি আৰু আবু বক্কাৰ ছিদ্দিকৰ একেবাৰে দুৰ্বল হৈ পৰে ৷

স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰাত চাৰিও গৰাকীকে লক্ষীপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ কিন্তু, চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱাৰ মাত্ৰ কেই মিনিটমান পাছতেই আওলাতলী হাই মাদ্ৰাছাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৱাচকুৰুণিৰ মৃত্যু হয় ৷ বাকী তিনি গৰাকী ক্ৰমে ছুৰুত জামাল, মজিৰন আৰু আবু বক্কাৰ ছিদ্দিক চিকিৎসাধীন অৱস্থাত আছে ৷ আবু বক্কাৰ ছিদ্দিক (6) ৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হাজোৰ বাসগৃহত কান্দোনৰ ৰোল, বাসগৃহত উপস্থিত কৃষ্ণ বৈশ্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.