গোৱালপাৰা, 29 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে (Man Elephant conflict in Assam) বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে গোৱালপাৰাবাসীয়ে ৷ বিগত কিছু দিনৰ পৰা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন এলেকাত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ(Elephant menace continues in Goalpara) ।
হাতী মানুহৰ এই সংঘাতত শুকুৰবাৰে নিশা লক্ষীপুৰৰ চৈৰাবাৰীত লুপেন্দ্ৰ ৰাভা নামৰ এজন ব্যক্তি হাতীৰ আক্ৰমণত নিহত হয় । জানিব পৰা মতে লোকজনে শুক্ৰবাৰে গৰু বিচাৰি ঘৰৰ পৰা কাষৰে এখন হাবিলৈ ওলাই গৈছিল । গৰু বিচাৰি যোৱা লোকজনে হঠাৎ হাতীৰ মুখামুখি হোৱাত পলাবলৈ চেষ্টা কৰে যদিও হাতীয়ে আগভেটি ধৰি লোকজনক ভৰিৰে গচকী প্ৰাণকাঢ়ি নিয়ে(One Man died in Elephant attack) ।
ইফালে বহুদিনৰ পৰাই মেঘালয়ৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন এলেকাত সন্ত্ৰাস চলাই আহিছে যদিও বনবিভাগে কোনোধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত দিনকদিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত বিগত দিনকেইটাত হাতীৰ আক্ৰমণত ক্ৰমেও ১০ জনকৈ লোকৰ মৃত্যু ঘটিছে । ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Man elephant conflict : ৰাজ্যৰ চৌদিশে বনহস্তীৰ আতংক