গোৱালপাৰা, ৯ জানুৱাৰী : শেহতীয়াভাৱে চৰ্চাত আছে গোৱালপাৰা । গোৱালপাৰাত ৰবৰ বাগানত উচ্ছেদ আৰু গোৱালপাৰাৰা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত এক বিপৰীত ছবিহে প্ৰকাশ পাইছে । তাকো খোদ বন বিভাগৰ দুষ্কাৰ্যৰ । শাল, চেগুণ গছৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈছে গোৱালপাৰা ।
কিন্তু প্ৰকৃতি ধ্বংসযজ্ঞত নামিছে খোদ সাংমণ্ডলিক বন বিষয়া (Divisional Forest Officer, DFO) । লগতে তেওঁক সংগ দিছে তেওঁৰ সহযোগী বন বিষয়াসকলে । এক কথাত ক'বলৈ গ'লে গোৱালপাৰা বন বিভাগ এতিয়া বন দস্যুৰ দখলত । বন ৰক্ষকৰ দায়িত্বত থকা খোদ DFO, আঞ্চলিক বন বিষয়াই (Ranger) বৰ্তমান বনদস্যুৰ পকেটত । বন বিষয়াই চোৰাংকাঠ ব্যৱসায়ীৰ সৈতে মিলি কেনেদৰে ধনৰ অংক কৰিছে তাৰ তথ্য পৰিছে আমাৰ প্ৰতিনিধিৰ হাতত (DFO and Ranger of Goalpara destructed forest) ।
উল্লেখ্য, গোৱালপাৰা জিলা হৈছে অসমৰ ভিতৰত প্ৰাকৃতিক শাল আৰু চেগুণ গছেৰে সমৃদ্ধ এখন জিলা । আনহাতে, প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰতো কোনোগুণে পিছপৰা নহয় গোৱালপাৰা । এই প্ৰাকৃতিক সৌন্দৰ্যত ৰহণ চৰাইছে শাৰী শাৰী শাল আৰু চেগুণ গছবোৰে (Goalpara DFO alleged destructed forest) ।
কিন্তু এই প্ৰাকৃতিক শাল, চেগুণ গছতে এতিয়া শেনচকু বনদস্যুৰ । আৰু তাত হাত উজান দিছে খোদ DFO,বন বিষয়াই । চোৰাংকাঠৰ ব্যৱসায়ীৰ টকাৰ অংকত মচগুল লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত (timber smuggling in Goalpara) । একাংশ অসাধু ব্যৱসায়ীৰ সৈতে মিলি লক্ষীপুৰৰ বনাঞ্চল ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত (ranger alleged to forest destruction in Goalpara) ।
উল্লেখ্য যে মাহ মাহ ধৰি গোৱালপাৰাৰ DFO আৰু লক্ষীপুৰ আঞ্চলিক বন বিষয়াই দেখিও নেদেখা চোৰাং ঘাটিসমূহত কিছুদিন পূর্বে চলিছিল গুৱাহাটী বন বিভাগৰ অভিযান । অভিযানত উদ্ধাৰ হৈছিল লাখ লাখ টকাৰ চোৰাং কাঠ । লগতে ছীল কৰা হৈছিল বহু অবৈধ বালি মহল । কিন্তু অভিযোগ মতে, গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত দীর্ঘদিন ধৰি চলি থকা চোৰাংকাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ বিষয়ে একো নজনাৰ ভাও জুৰি আছে গোৱালপাৰাৰ DFO জিতেন্দ্র কুমাৰ সিং আৰু লক্ষীপুৰৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই ।
তাৰ বিপৰীতে বিভাগীয় চকীত বহি চৰকাৰক ৰাজহৰ পৰা বঞ্চিত কৰি নিজৰ পকেট গৰম কৰাতহে ব্যস্ত হৈ পৰিছে এইসকল বিষয়া । তাৰ বিপৰীতে চোৰাং কাঠৰ ব্যৱসায়ীৰ হাতত শাল, চেগুণৰ বনাঞ্চল এৰি দি মাহেকত লাভ কৰিছে লাখ লাখ টকা । ফলত ধ্বংস হৈছে গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম ভঁৰাল শাল, চেগুণ গছ ।
যিসময়ত ৰাজ্য চৰকাৰে গছ থাকিলে মানুহ থাকিব বুলি বিজ্ঞাপন দি কোটি কোটি টকা খৰচ কৰিছে, ঠিক তেনে সময়তে গছ ধ্বংসযজ্ঞত নামিছে খোদ বন বিভাগৰে বন বিষয়া । তেনে ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ কথা কোৱা চৰকাৰখনৰ বন বিভাগৰ মন্ত্রীগৰাকীয়ে গোৱালপাৰা সাংমণ্ডলিক বন বিষয়া জিতেন্দ্ৰ কুমাৰ সিং আৰু লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে কি ব্যবস্থা গ্রহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক :India vs Sri Lanka ODI in Guwahati: গুৱাহাটীত উপস্থিত ভাৰত আৰু শ্ৰী লংকা ক্ৰিকেট দলৰ খেলুৱৈসকল