ETV Bharat / state

Poor communication in Goalpara : টুলুঙা নাৱৰে ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত - Poor communication in Dudhnoi

উন্নয়নৰ ঢাকঢোল বজাই থকা হিমন্ত বিশ্ব চৰকাৰে প্ৰকৃততে কিমান উন্নয়ণ কৰিছে ৰাজ্যত ? এখন দলং অবিহনে মৰণত শৰণ দি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । নিতৌ টুলুঙা নাৱৰে ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত ।

Students dangerous journey by Boat in Goalpara
টুলুঙা নাৱৰে ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা
author img

By

Published : Aug 11, 2023, 6:23 PM IST

টুলুঙা নাৱৰে ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

গোৱালপাৰা, ১১ আগষ্ট: ৰাজ্যত উন্নয়নৰ নৈ বোৱাই দিয়া বুলি দাবী কৰা বিজেপি চৰকাৰৰ দিনত টুলুঙা নাৱৰে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে । অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু এখন টুলুঙা নাৱেই চৰকাৰৰ উন্নয়নৰ নমুনা প্ৰদৰ্শন কৰিছে । এই টুলুঙা নাওখনেৰেই বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে । মৰণত শৰণ দি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে এই কণ কণ ছাত্ৰ-ছাত্ৰী সকলে । ইয়াৰ পিচতো কানসাৰ নাই বিধায়ক কিম্বা চৰকাৰৰ ।

উল্লেখ্য় যে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাই নৈৰ বুকুত জীৱনটো হাতৰ মুঠিত লৈ জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ যায় ছাত্ৰ-ছাত্ৰীসকলে । জিৰা-তৰেংথপ সংযোগী নৈৰ ওপৰত এখন পকী দলঙৰ অভাৱত বৃহত্তৰ অঞ্চলটোৰ কুৰিখনতকৈ অধিক গাঁৱৰ ৰাইজৰ একমাত্ৰ সাৰথি হৈছে এই টুলুঙা নাৱ ।

এই টুলুঙা নাৱেৰে বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । কৃষ্ণাই নৈৰ ওপৰত এখন দলঙৰ বাবে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যদিও কোনো কানসাৰ নাই স্থানীয় বিধায়ক কিম্বা চৰকাৰৰ । নিৰ্বাচনৰ সময়ত জনসাধাৰণক কৃষ্ণাই নৈৰ ওপৰত দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বিধায়ক নিৰ্বাচিত হোৱাৰ পিচত বৃহত্তৰ অঞ্চলটোৰ প্ৰতি পিঠি দি আহিছে জনপ্ৰতিনিধি সকলে ।

সেয়েহে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । অতি সোনকালে দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাই নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধা কৰি দিবলৈ ছাত্ৰ -ছাত্ৰীসকলে আহ্বান জনোৱাৰ পিচত এই ক্ষেত্ৰত বিভাগে কেনে ব্য়ৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্য়ণীয় বিষয় হ'ব । এই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ ৰাইজৰ বহিঃজগতলৈ সম্পৰ্ক স্থাপন কৰিবলৈ একমাত্ৰ সাৰথি হৈছে টুলুঙা নাৱৰ পৰিৱৰ্তে দলঙৰ মুখ কেতিয়া দেখিব ৰাইজে তাত লৈ ৰাইজৰ মাজত হৈছে চৰ্চা ।

লগতে পঢ়ক:Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.