ETV Bharat / state

কলগাছিয়াত দুই ফৈদৰ সংঘাতত ৪ জন আহত

বৰপেটাৰ কলগাছিয়াৰ বালাৰপাথাৰত দুই ফৈদৰ সংঘাতৰ ভয়াৱহ পৰিণতি(Two groups Clash in balarpathar) । এই সংঘাতত ৪ জন লোক আহত হয় । কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

author img

By

Published : Dec 3, 2021, 6:52 PM IST

Updated : Dec 3, 2021, 6:59 PM IST

Clash erupts between two groups in Kalgachia
কলগাছিয়াত দুই ফৈদৰ সংঘাত

জনীয়া, ৩ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ পূৱ বালাৰপাথাৰ গাঁৱত বিদ্যুতৰ খুঁটা পোতাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে, শক্তি বিভাগৰ কেইবাজনো কৰ্মচাৰী আৰু জসমত আলী খানে বিদ্যুতৰ খুঁটা পুতি থকা অৱস্থাত ৰহমান খান আৰু তেওঁৰ পৰিয়ালৰ লোকে প্ৰথমে জসমত আলীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়(Clash between two groups in Balarpathar) । কিন্তু এই তৰ্কাতৰ্কিয়ে ভয়াৱহ ৰূপ লয় । ৰহমান খান আৰু তেওঁৰ পৰিয়ালৰ লোকে বাঁহৰ লাঠি, ৰড আদিৰে জসমত আলীৰ পৰিয়ালক প্ৰহাৰ কৰে ।

কলগাছিয়াত দুই ফৈদৰ সংঘাতত ৪ জন আহত

এই ঘটনাত জসমত আলী খান, জুলহাস খান, ৰহিমা খাতুন আৰু ৰমজান আলী গুৰুতৰভাৱে আহত হয়(4 persons beaten up in Kalgachia) । স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোককেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় । তেওঁলোকক বৰ্তমান প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে । এই সন্দৰ্ভত ভুক্তভোগীয়ে ৰহমান খান, ছায়েদ খান, ৰবি খান, জাফৰ খান, দেলবাৰ খান আৰু অমিনুল ইছলামৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

দোষী কৰায়ত্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে । আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Union Body Election : কলগাছিয়াৰ লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতি

Last Updated : Dec 3, 2021, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.