ETV Bharat / state

গোৱালপাৰাত ৰাইজে নিৰ্মাণ কৰিলে পথ - Goalpara

প্ৰতিবছৰে বাৰিষা আহিলেই একাঁঠু একাঁঠু বোকাৰে পৰিপূৰ্ণ হয় পানডোবাৰ পথটো । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও ৰাইজে যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হয় ।

গোৱালপাৰাত ৰাইজে নিৰ্মাণ কৰিলে নিজৰ পথ
author img

By

Published : Jun 8, 2019, 3:24 PM IST

গোৱালপাৰা, ৮ জুনঃ গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ পানডোবাৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক । উপায়ন্তৰ হৈ ৰাইজ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ ।

দীৰ্ঘদিন ধৰি পানডোবাৰ এই পথটো জৰাজীৰ্ণ অৱস্থা । কিন্তু মেৰামতিৰ কোনো পদক্ষেপ নাই মাৰকুলা গাঁও পঞ্চায়তৰ । ফলত ৰাইজে ওলাই আহিল পথটো মেৰামতিৰ বাবে । চৰকাৰৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আছে এটা বিয়াগোম বিভাগ থকাৰ পিছতো ৰাইজে নিজেই নিৰ্মাণ কৰিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ।

গোৱালপাৰাত ৰাইজে নিৰ্মাণ কৰিলে নিজৰ পথ

লগতে আন এটা বাতৰি- লংকাত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 1

Intro:প্ৰতি বছৰে ৰাইজে নিজেই নিৰ্মাণ কৰা এটা পথ। এই বেলিও ৰাইজ একগোট হৈ নিৰ্মাণ কৰিবলৈ লৈছে পথছোৱা।
পশ্চিম গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ অধীনস্থ মাৰকুলা গাঁও পঞ্চায়তৰ পানডোবাৰ এই পথটো আজিও ৰাইজেই নিৰ্মাণ কৰিবলৈ লৈছে। Body:
গাঁৱলীয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত যেন গুৰুত্ব নাই গাঁও পঞ্চায়ত কিম্বা উন্নয়ন খণ্ডৰ। পানডোবাৰ পৰা পানডোবা দাস পাৰা গাৰোপাৰাৰ এই পথছোৱা আজিলৈ পঞ্চায়তৰ ফালৰ পৰা এপাচিও নপৰিল মাটি। ফলত ৰাইজে প্ৰতি বছৰে নিজেই নিৰ্মাণ কৰি আহিছে পথছোৱা। প্ৰশ্ন হয় ? কি কাৰণত গ্ৰামাঞ্চল উন্নয়নৰ বাবে আছে এটা বিয়াগোম বিভাগ ! বিভাগটো থকাৰ পিছতো ৰাইজে নিজেই নিৰ্মাণ কৰিব লগীয়া হোৱা কাৰ্যই পঞ্চায়তৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে।

Conclusion: বেদীশ নাথ
পশ্চিম গোৱালপাৰা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.