গোৱালপাৰা, 9 মাৰ্চ: গোৱালপাৰাত নগৰ উন্নয়ন তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল (Minister Ashok Singhal) ৷ গোৱালপাৰাৰ দুখনকৈ ঐতিহাসিক বিল পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ ৷ প্ৰয়োজন হ’লে বিল দুখনত উচ্ছেদ চলোৱা হ’ব বুলি মন্তব্য কৰে অশোক সিংহলে ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে SOPD আঁচনিৰ অধীনত গোৱালপাৰা জিলা উৰপদ বিলখন সংৰক্ষৰ বাবে প্ৰদান কৰিছে 100 কোটি টকা ৷ বিলখনত চলি থকা কামৰো অগ্ৰগতি লয় মন্ত্ৰীগৰাকীয়ে (Ashok Singhal visited Goalpara) ৷ উৰপদ বিলখনক Wild Life Sanctuaryত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আলোচনা কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী সিংহলে ৷ ইফালে, জিলাখনৰ হাচিলা বিলত উপস্থিত হৈ বিলখনৰ চৌপাশ পৰিদৰ্শন কৰি বেদখলকাৰীক উচ্ছেদ কৰা হ’ল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Eviction drive in wetlands) ৷
উল্লেখ্য যে, এইবাৰ ৰাজ্যৰ প্ৰাকৃতিক বিল, জলাশয় আদিত উচ্ছেদ চলাব ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ চহৰ-নগৰসমূহক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ইতিমধ্যেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিল, জলাশয়সমূহত হোৱা বেদখলৰ তথ্য বিচাৰি জিলা উপায়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৷ শেহতীয়া সমীক্ষা অনুসৰি ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশই এতিয়া বেদখলকাৰীৰ কবলত (Encroachment in Assam wetland) ৷
সেয়েহে, এইসমূহ জলাহভূমি বেদখলমুক্ত কৰিবলৈ শীঘ্ৰেই উচ্ছেদ চলাব চৰকাৰে ৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত পঞ্জীয়নভুক্ত 400 খন বিল আছে । ইয়াৰ উপৰি বহু পঞ্জীয়ন নোহোৱা জলাশয়ো আছে । আনহাতে সমগ্ৰ ৰাজ্যখনতে থকা 3,513 খন জলাহভূমিয়ে প্ৰায় 1,01,236 হেক্টৰ ভূমি আগুৰি আছে ।
উল্লেখযোগ্য যে, অসমৰ বিভিন্ন জিলাত সৰু-ডাঙৰ বহুতো জলাহভূমি আছে যদিও নগাঁও জিলাতেই ইয়াৰ সংখ্যা সৰ্বাধিক 179 । কিন্তু এই বৃহৎ পৰিমাণৰ জলাহভূমিৰ ভিতৰত 20 শতাংশ ভূমিয়েই দখল হৈছে (Water bodies encroachment in Assam)। এইসমূহ স্থানত উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰী দিয়া নিৰ্দেশৰ অংশ স্বৰূপেই গোৱালপাৰাত উপস্থিত হৈ পৰিস্থিতি বুজ লয় মন্ত্ৰী অশোক সিংহলে ৷
লগতে পঢ়ক: Assam eviction drive: ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশ বেদখকাৰীৰ কবলত; শীঘ্ৰেই চলিব উচ্ছেদ অভিযান