ETV Bharat / state

Assam Governor Visits Goalpara: গোৱালপাৰাত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

author img

By

Published : Jul 24, 2023, 8:51 PM IST

সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া । গোৱালপাৰাস্থিত সৈনিক স্কুলৰ ছোৱালী হোষ্টেলৰ আধাৰশিলা উদ্বোধন কৰে ৰাজ্যপালগৰাকীয়ে ৷ লগতে শ্ৰী সূৰ্যপাহাৰ মহাপীঠস্থান দৰ্শন কৰে ৰাজ্যপাল কাটাৰীয়াই ।

Assam Governor Visit In Goalpara
গোৱালপাৰাত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

গোৱালপাৰা,24 জুলাই: সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া । গোৱালপাৰাস্থিত সৈনিক স্কুলৰ ছোৱালী হোষ্টেলৰ আধাৰশিলা উদ্বোধন কৰে ৰাজ্যপালগৰাকীয়ে । সপত্নীক লগত লৈ পুৱা ১০ বজাত গোৱালপাৰাৰ সৈনিক স্কুলত উপস্থিত হৈ প্ৰথমে শিক্ষাৰ্থীসকলৰ অভিবাদন গ্ৰহণ কৰে ৰাজ্যপাল কাটাৰীয়াই ৷

তাৰ পাচত ৰাজ্যপালগৰাকী শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অধ্যক্ষৰ লগতে অন্যান্য শিক্ষকসলৰ সৈতে চমু বাৰ্তালাপত মিলিত হয় ৷ উক্ত অনুষ্ঠানত শিক্ষাৰ্থী সকলৰ সৈতে সৈনিক স্কুলৰ অভিজ্ঞতা তথা শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সপোন সন্দৰ্ভত বাৰ্তালাপ কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ।

‘‘বৰ্তমান সময়ত অভিভাৱকসকলে ছোৱালীকো সৈনিক বিদ্যালয়ত পঢ়িবলৈ আগুৱাই দিয়াটো সমাজৰ কাৰণে শুভ লক্ষণ ৷ আমি জানো সৈনিক বিদ্যালয়ত কিমান কঠোৰ নীতি নিয়ম মানি চলিব লাগে ৷ এই নীতি নিয়ম সমূহৰে দীক্ষিত একো একো গৰাকী ছাত্ৰীয়ে আগন্তুক দিনত যিকোনো পৰিস্থিতৰ সৈতে মোকাবিলা কৰিব পাৰিব ৷ বৰ্তমান ভাৰতত নাৰী শক্তিৰ বৃদ্ধি পাইছে ৷’’ এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷

সেই অনুষ্ঠানৰ পাচতে শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান দৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে । মহাপীঠস্থান পৰিচালনা সমিতিয়ে আদৰণি জনাই আৰু ৰাজ্যপাল গৰাকীয়ে শ্ৰী সূৰ্য পাহাৰ দৰ্শন কৰে ৷ তাৰ পাচতে গোৱালপাৰা চহৰৰ আৱৰ্ত ভৱনলৈ ৰাওনা হয় ৷ বিয়লি ৪.১৫ বজাত ৰাজ্যপালগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা বিভিন্ন নিৰাপত্তাৰক্ষী বিভাগৰ মুৰব্বী সকলৰ বৈঠকত অংশগ্ৰহণ কৰে । ইয়াৰ পাছত সন্ধিয়া ৬.১৫ বজাত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে হোৱা আন এখন বৈঠকত অংশ লয় ৰাজ্যপাল কাটাৰীয়াই ৷

লগতে পঢ়ক:Goalpara Sal Trees Issue : সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালগছ কটা কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.