ETV Bharat / state

গোৱালপাৰাৰ ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ নামত কি চলিছে ?

গোৱালপাৰাৰ মাটিয়াত ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ চলি আছে ডিটেনশ্যন কেম্পৰ । এইটো হৈছে দেশৰ ভিতৰত তথা এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশন কেম্প । প্ৰায় ৪ হেক্টৰ ভূমিত নিৰ্মাণ হৈ আছে এই কেম্প । অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কিয়নো এজাক ধুমুহাতে খহি পৰিল ডিটেনশ্যন কেম্পটোৰ পকী দেৱাল...

গোৱালপাৰাৰ ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ নামত কি চলিছে ?
গোৱালপাৰাৰ ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ নামত কি চলিছে ?
author img

By

Published : Apr 26, 2020, 8:04 PM IST

গোৱালপাৰা,26 এপ্ৰিলঃ ৰাজ্যত অবৈধভাৱে প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক ৰাখিবৰ বাবে গোৱালপাৰৰ মাটিয়াত নিৰ্মাণ চলি আছে সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোৰ ৷ ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা এই ডিটেনশ্যন কেম্পটো নিৰ্মাণ কৰা হৈছে প্ৰায় ৪ হেক্টৰ ভূমিত ৷ কিন্তু নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে হঠাৎ পোহৰলৈ আহিছে দুৰ্নীতিৰ ঘটনা ৷ একাংশ স্থানীয় লোকৰ অভিযোগ অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰি থকা হৈছে ডিটেনশ্যন কেম্পটো ।

GOALAPARA Detention center wall broken ETV BHARAT NEWS ASSAM
এছিয়াৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণ কাৰ্য চলি আছে
অতি পৰিতাপৰ বিষয় যে, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওতেই সামান্য ধুমুহাৰ ফলত বাগৰি পৰিল ডিটেনশ্যন কেম্পটোৰ পকী দেৱাল। ডিটেনশ্যন কেম্পটোৰ দেৱাল এজাক ধুমুহাতে খহি পৰাৰ পিচত কেম্পটোৰ নিৰাপত্তৰ দিশটো কিমান কটকটীয়া আপোনাক হয়তো বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই ৷
ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ নামত কি চলিছে ?

ডিটেনশ্যন কেম্প নিৰ্মাণৰ নামত ভেকোভাওনা কৰিছে দায়িত্বত থকা নিৰ্মাণ প্ৰতিষ্ঠানে ৷ এই অভিযোগ আমাৰ নহয়,স্থানীয় ৰাইজৰ ৷ কিয়নো এজাক ধুমুহাতে দেৱাল বাগৰি পৰা কেম্পটোৰ পৰা যে বন্দী পলাই যাবলৈ বেছি সময় নালাগিব সেয়া প্ৰমাণিত হৈ গৈছে ইতিমধ্যে ৷ অনায়াসেই যিকোনো বন্দীয়ে এই দুৰ্বল দেৱাল ভাঙি পলায়ন কৰিব পাৰিব সেয়া নিশ্চিত হৈ পৰিছে ৷ 45 কোটি টকাৰ বৃহৎ ধনেৰে নিৰ্মাণ কৰা এছিয়াৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানৰ বিৰুদ্ধ শীঘ্ৰেই তদন্তৰ দাবী তুলিছে ৰাইজে ৷

ডিটেনশ্যন কেম্পৰ দেৱাল খহি পৰে ধুমুহাত

লগতে চাওকঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.