ETV Bharat / state

কৃষকৰ মাজত মাথো হুমুনিয়া,কঠিয়াৰ বাবে হাহাকাৰ কৃষকৰ - কৃষক

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা । বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া । এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষক সকলে ।

কৃষকৰ মাজত মাথো হুমুনিয়া,কঠিয়াৰ বাবে হাহাকাৰ কৃষক
author img

By

Published : Jul 30, 2019, 10:38 AM IST

গোৱালপাৰা, ৩০ জুলাইঃ গোৱালপাৰাৰ শিমলীতোলাত বানত বিস্তৰ ক্ষতি সাধন । প্ৰলয়ংকাৰী বানে বালিৰে পুতি পেলালে কৃষক সকলৰ সপোনৰ খেতিডৰা । মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি কৃষকৰ ।

কৃষকৰ মাজত মাথো হুমুনিয়া,কঠিয়াৰ বাবে হাহাকাৰ কৃষক

সমগ্ৰ ৰাজ্যখনতেই প্ৰলয়ংকাৰী বানে তচ-নচ কৰিলে হাজাৰ-হাজাৰ কৃষকৰ সপোন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা । কৃষি প্ৰধান অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটিত বানৰ পূৰ্বে খেতিৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল কৃষক সকলে । কিন্তু শিমলীতোলা কৃষকৰ এই সপোন কাঢ়ি নিলে সংসাৰী বানে । বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া । এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষক সকলে । ক'তো পাবলৈ নাই এমুঠি কঠিয়া । কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ কৃষি বিভাগ । ন্যূনতম খৱৰ নোলোৱাৰ অভিযোগ বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে বানাক্ৰান্ত ৰাইজৰ । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পুনৰ খেতি কৰিবৰ বাবে কঠিয়া যোগান ধৰিবলৈ আহ্বান জনাইছে কৃষক সকলে ।

Intro:slug: as_gol_30_july_kothiya nai_hahakar_krikhok_spl_pkg_vis_5+byt_3_7203844

Anchor : শাওনৰ পথাৰ এতিয়া উদং। পথাৰত নাই ৰোৱনী হালোৱাৰ ব্যস্ততা। বানৰ প্ৰলয়ে সকলো ধুই নিলে। এতিয়া কৃষকৰ মাজত মাথো হুমুনিয়া। গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলাত কঠিয়াৰ বাবে হাহাকাৰ কৰিছে কৃষকে। চাওক এই সন্দর্ভত আমাৰ এক প্ৰতিবেদন ।Body:
V. O : এফালে যদি ভৰ7 শাওনৰ পথাৰ উদং, আনফালে নিজৰ পথাৰত হুমুনিয়াহ কাঢ়িছে কৃষকে। বিগত প্ৰলয়ংকাৰী বানে সপোন ধুই নিলে কৃষকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলাতো কৃষকৰ একেই অৱস্থা। কৃষি প্ৰধান অঞ্চলটোত হাজাৰ হাজাৰ বিঘা কৰা হয় ধান খেতি। বানৰ পূৰ্বে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল কৃষকে। কিন্তু শিমলীতোলা অঞ্চলৰ কৃষকৰ এই সপোন কাঢ়ি নিলে সংসাৰী বানে বৃহত্তৰ পথাৰখনত নাই এমুঠি কঠিয়া। এতিয়া কঠিয়া বিচাৰি হাহাকাৰ কৰিছে কৃষকে। কেৱল শিমলীতোলাতেই নহয়, জিলাখনৰ সুতাৰপাৰা, বহতি কাণকাটা, জিয়াগুৰীকে ধৰি প্ৰায় ২০ খন কৃষি প্ৰধান এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থা। কতো পাবলৈ নাই এমুঠি কঠিয়া।

V. O : বলীয়া বানে কৃষকৰ মূৰত ৰামটাঙোন মাৰিলেও দৰিদ্ৰ কৃষকৰ ওচৰত থিয় হোৱা ৰাজ্যৰ কৃষি বিভাগ। ন্যূনতম খৱৰ লোৱা নাই বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে । এয়াই কৃষি বিভাগৰ আচল স্বৰূপ। অঞ্চলটোৰ কৃষক সকলক শীঘ্ৰে কঠিয়া যোগান ধৰিবলৈ কৃষি বিভাগক দাবী জনাইছে ৰাইজে ।Conclusion:1,Byte local pepole
2,Local
3,local people

গোৱালপাৰা লৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.