ETV Bharat / state

Mid day Meal: পোকে খোৱা চাউলক লৈ জবাবদিহি প্ৰধান শিক্ষকক; পলাই পত্ৰং সভাপতি - পচা চাউলক কেন্দ্ৰ কৰি উত্তপ্ত গোৱালপাৰা

গোৱালপাৰা লেওৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক অখাদ্য খুওৱাৰ অভিযোগ । বিদ্যালয়ৰ গুদাম ঘৰত পচিছে ২০০ বস্তা চাউল । ৰাইজৰ উগ্ৰমূৰ্তি দেখি সভাপতিৰ পলায়ন । ৰাইজ মেলত জবাবদিহি প্ৰধান শিক্ষকক ।

allegation of scam in mid day meal in goapara
লেওৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:51 PM IST

লেওৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়

গোৱালপাৰা, ২ অক্টোবৰ: পোকে খোৱা মধ্যাহ্ন ভোজনৰ চাউলক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ লেওৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জিলাখনৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত লেৱাবাৰী-ফুটুৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ চূড়ান্ত গাফিলতিৰ বাবেই গুদাম ঘৰতে পচি পোক লাগিছে মধ্যাহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা ২০০ বস্তা চাউল । এই পোক লগা পচা চাউলেৰে ছাত্ৰ-ছাত্ৰীসকলক খুৱাইছে মধ্যহ্ন ভোজনৰ নামত বৰবিহ ।

এনে ভোজন খাই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ গৈ বমি, ডায়েৰীয়া হৈ সঘনাই অসুস্থ হ'বলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে । ইয়াকে লৈ আজি দুই শতাধিক অভিভাৱক তথা স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক লগত লৈ বিদ্যালয়খনত উপস্থিত হয় ।

ৰাইজে বিদ্যালয়ৰ গুদাম গৃহ খুলি চাউলৰ বস্তা পৰীক্ষা কৰাত চাউলসমূহ পচি যোৱাৰ লগতে পোকে কিলবিলাই থকা প্ৰত্যক্ষ কৰাত উত্তেজিত হৈ পৰে । ৰাইজৰ উগ্ৰমূৰ্তি দেখি ততালিকে সভাপতি আব্দুছ ছালাম আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা মতে, পোকে কিলবিলাই থকা এই পচা চাউলেৰে বিগত তিনিমাহ ধৰি ভোজন খুৱাই আছে । কিন্তু কোনোৱেই এই পোক লগা পচা চাউলৰ ভোজন খাব নোৱাৰে । যিসকলে ভোক সহিব নোৱাৰি ভোজন গ্ৰহণ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰী ঘৰলৈ গৈ অসুস্থ হৈ পৰে ।

প্ৰধান‌ শিক্ষকৰ ধমকিত ছাত্ৰ-ছাত্ৰীসকলে খাব নোৱাৰা ভোজন ঘৰলৈ নিবলৈ বাধ্য হয় যদিও আদবাটতে অখাদ্য পেলাই থৈ যায় । তদুপৰি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ নুখুৱায় মধ্যহ্ন ভোজন । সপ্তাহত মাত্ৰ এটা কণি দিয়ে । দাইল,পাচলিও অখাদ্য । উল্লেখ্য যে, শনিবাৰে তিনিগৰাকীমান কণ কণ ছাত্ৰীয়ে বিদ্যালয়ৰ মধ্যহ্ন ভোজন খাই ছুটিৰ পিচত ঘৰত অসুস্থ হৈ পৰে ।

বিদ্যালয় কৰ্তৃপক্ষই এইদৰে মধ্যহ্ন ভোজনৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক অখাদ্য খুৱাই থকা বিষয়টো পোহৰলৈ অহাত ৰাইজ ওলাই আহে আৰু উত্তেজিত হৈ পৰে । পিচত উত্তেজিত ৰাইজে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক লৈ আজি বিদ্যালয় চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

উক্ত ৰাইজ মেলত এই সন্দৰ্ভত প্ৰধান শিক্ষক ছহিদুল ইছলাক জবাবদিহি কৰে । প্ৰধান শিক্ষক ছহিদুল ইছলামে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলক অন্ধকাৰত ৰাখি দুই-চাৰিজন স্থানীয় দালাল‌ প্ৰকৃতিৰ লোকক লগত লৈ নিশা বিদ্যালয়ত গোপনে মিলিত হৈ নিজৰ মন পচন্দৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক নিৰ্বাচিত কৰে আৰু দিনত ৰাইজ মাতি নামবোৰ ঘোষণা কৰে বুলি ৰাইজ মেলত অভিযোগ কৰি প্ৰধান শিক্ষকগৰাকীক জবাদ দিহি কৰাত প্ৰধান শিক্ষকগৰাকী নিৰুত্তৰ হৈ পৰে ।

আজিৰ ৰাইজ মেলত চি আৰ চি গৰাকীও উপস্থিত থাকি ৰাইজৰ অভিযোগ শুনে । সমগ্ৰ ঘটনাক্ৰমৰ এক উচিত তদন্ত ক্ৰমে বিহিত ব্যৱস্থা হাতত ল'বলৈ জিলা উপায়ুক্তক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:Hunger strike at Manikpur: উপ-জিলাৰ দাবীত মাণিকপুৰত ৰাইজৰ অনশন কাৰ্যসূচী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.