ETV Bharat / state

প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত: অসম জাতীয় পৰিষদৰ কাৰ্যালয় লণ্ড-ভণ্ড - অসম জাতীয় পৰিষদ

প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট পশ্চিম গোৱালপাৰাবাসী । নৱগঠিত দল অসম জাতীয় পৰিষদে ছফিউৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুব্ধ দলীয় কৰ্মকৰ্তা ৷ লণ্ড-ভণ্ড কৰিলে অসম জাতীয় পৰিষদৰ কাৰ্যালয় ।

গোৱালপাৰাত অসম জাতীয় পৰিষদৰ কাৰ্যালয় লণ্ড-ভণ্ড

author img

By

Published : Mar 8, 2021, 2:21 PM IST

গোৱালপাৰা,৮ মাৰ্চ: প্ৰাৰ্থিত্বক লৈ অসন্তুষ্ট পশ্চিম গোৱালপাৰাবাসী । বিজেপি, কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সমান্তৰালকৈ নৱগঠিত দল অসম জাতীয় পৰিষদৰ ভিতৰচ’ৰাতো দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদ দলে সমষ্টিটোত উপযুক্ত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াক কেন্দ্ৰ কৰি সমষ্টিটোৰ ক্ষুব্ধ কৰ্মকৰ্তাই সোমবাৰে নিশা দলটোৰ মুখ্য কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে । ইতিমধ্যে গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদে ছফিউৰ ৰহমানৰ নাম সাম্ভাব্য প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । সমষ্টিটোৰ সভাপতি, ৰাজ্যিক আহ্বায়ককে ধৰি কৰ্মকৰ্তাসকলে অভিযোগ কৰা মতে, একো নজনাকৈ এগৰাকী গণভিত্তি নথকা লোকক প্ৰাৰ্থিত্ব দিছে দলে । ফলস্বৰূপে কৰ্মকৰ্তাসকলে এইদৰে কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে ।

অকল এয়েই নহয় ক্ষুব্ধ কৰ্মকৰ্তাসকলে সমূহীয়া পদত্যাগ কৰিব বুলিও ভাবুকি প্ৰদান কৰে । জানিব পৰা মতে, গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে আহমেদ আলী, পবিত্ৰ নাথ, আব্দুল মতিম আৰু ছফিউৰ ৰহমানে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল । ইয়াৰে আহমেদ আলী ২০০৬ বৰ্ষত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দিতা কৰি এক নগণ্য ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ।

অসম জাতীয় পৰিষদৰ কাৰ্যালয় লণ্ড-ভণ্ড

তদুপৰি পূৰ্বতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰি জিলা পৰিষদৰ পৰিকল্পনা আৰু উন্নয়ন দপ্তৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সমগ্ৰ সমষ্টিটোত বিভিন্ন উন্নয়নৰ কাম কৰিছিল । বৰ্তমানেও আহমেদ আলী নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলি লক্ষীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । সমষ্টিটোত গণভিত্তি থকা এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবলৈ বাৰম্বাৰ আবেদন কৰিছিল দলীয় কৰ্মীসকলে । অৱশেষত গণভিত্তি নথকা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাত এনেদৰে ক্ষুব্ধ হৈ পৰিছে কৰ্মকৰ্তাসকল ।

লগতে পঢ়ক: মাজুলীত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.