গোৱালপাৰা, 10 আগষ্টঃ গোৱালপাৰাৰ বলবলাত আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া বেহা । আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন গাঁওবাসীৰ । গোৱালপাৰা জিলাৰ বলবলা অঞ্চলৰ কেইবাখনো গাঁৱত টিঘিলঘিলাই ফুৰিছে এটা অসাধু চক্ৰই । ঘৰে-ঘৰে গৈ প্ৰতিটো পৰিয়ালত আধাৰ কাৰ্ড বনাই দিব বুলি প্ৰথমে খোজে নথিপত্ৰ, তাৰ পাছতে কৰে টকা পইচাৰ লেন-দেন । প্ৰতিখন আধাৰ কাৰ্ডৰ নামত ধনদাবী কৰি সৰ্বসাধাৰণ ৰাইজক এক প্ৰকাৰৰ ভিতিগ্ৰস্ত কৰি তুলিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় বাসিন্দাই ।
জানিব পৰা অনুসৰি, আব্দুল মস্তাক, কছৰুদ্দিন আলি, ছফিকুল আলি নামৰ তিনি যুৱকৰ নেতৃত্বত এই অসাধু চক্ৰটোৱে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়াল সমূহৰ পৰা ভয়-ভীতি আৰু চৰকাৰী মাচুল বুলি কৈ ২০০ পৰা ৩০০ টকালৈ ধন সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । এফালে লক্ ডাউনৰ সময়ত খাটি খোৱা জনতাই পেটত গামোচা বান্ধিবলগীয়া হৈছে আনফালে একাংশই আকৌ নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই পৰিয়াল হৈ হাহাকাৰ কৰি থকাৰ সময়তে অসাধু চক্ৰ এটাই নিজৰ মুনাফা লুটিবলৈ তৎপৰ হৈ পৰিছে ।
উল্লেখ্য যে, আধাৰ কাৰ্ড নিৰ্মাণৰ কাম যিহেতু বিনামূলীয়া তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডৰ নামত বৃহত্তৰ বলবলা অঞ্চলত অসাধু চক্ৰটোৱে মুক্তভাৱে চলোৱা লুন্ঠনক গোৱালপাৰা জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে গাঁওবাসীয়ে ৷ লগতে আধাৰ কাৰ্ড নিৰ্মাণৰ নামত লুণ্ঠন চলোৱা অসাধু চক্ৰটোক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই ৷