ETV Bharat / state

গোৱালপাৰাত পুনৰ বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ - বনৰীয়ে হাতীয়ে শুৰেৰে মেৰিয়াই ধৰি গচকি হত্যা কৰে মইনুল হক নামৰ এজন ব্যক্তিক

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰৰ সোণাপুৰ গাঁৱত পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ ৷ লগতে ভাঙি লণ্ড ভণ্ড কৰে বহু কেইটা বাসগৃহ ৷

A man killed by wild Elephant in Goalpara
গোৱালপাৰাত পুনৰ বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ
author img

By

Published : Feb 28, 2020, 2:52 PM IST

গোৱালপাৰা, 28 ফেব্ৰুৱাৰী : হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাত ৷ বিগত বছৰটোত হাতী মানুহৰ সংঘাতৰ ফলত কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ পাছত 2020 বৰ্ষত পুনৰ জিলাখনত সংঘটিত হৈছে হাতীৰ আক্ৰমণত এজনে ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ ঘটনা ৷

গোৱালপাৰাত পুনৰ বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ

ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ এটা জাকে গোাৱলপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ সোণাপুৰ গাঁৱত প্ৰৱেশ কৰি ৰাইজৰ বাৰীৰ ফল-মূলৰ গছ-গছনি খাই গাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি কৰে । সেই সময়তে মইনুল হক নামৰ এজন ব্যক্তিয়ে টোপনিৰ পৰা উঠি বাহিৰলৈ উলাই আহোতেই এটা বনৰীয়ে হাতীয়ে শুৰেৰে মেৰিয়াই ধৰি গচকি হত্যা কৰে ৷ কেৱল ইমানতেই ক্ষান্ত নাথাকি বনৰীয়া হাতীৰ দলটোৱে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে এই ধৰণে সঘনে সন্ত্ৰাস চলোৱাৰ লগতে ইতিমধ্যেই বহুকেইজন ব্যক্তিৰ প্ৰাণ লোৱাৰ পাছতো পৰিস্থিত নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বনবিভাগ ৷

লগতে পঢ়ক: বৰ্ষাপাৰাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ অনুশীলন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.