ETV Bharat / state

বনৰীয়া হাতীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰে তিনি গৰাকী লোক

author img

By

Published : Aug 15, 2022, 5:38 PM IST

গোৱালপাৰাত হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ (3 dead in elephant attack) ৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দ'দান গাঁও পঞ্চায়তৰ অধীনৰ কুৰং গাঁৱত দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰে শিশুসহ তিনিগৰাকী লোক নিহত হয় (Elephant attack in Goalpara) ৷

3 dead in elephant attack
বনৰীয়া হাতীৰ আক্ৰমনত তিনি গৰাকী নিহত

গোৱালপাৰা, 15 আগষ্ট: ৰাজ্যজুৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত (Elephant Men Conflict) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে এইবাৰ গোৱালপাৰাত হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ (3 dead in elephant attack) ৷

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দ'দান গাঁও পঞ্চায়তৰ অধীনৰ কুৰং গাঁৱত দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ শিশুসহ তিনিগৰাকী লোক নিহত হয় (Elephant attack in Goalpara) ৷ যোৱা নিশা বন্যহস্তীৰ বৃহৎ জাকে গাঁওখনলৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ হাতীৰ জাকটোৱে খাদ্য বিচাৰি গাঁৱৰ কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷ লগে লগে গাঁওখনত হুৱা দুৱা লগাত বনৰীয়া হাতীৰ গচকত প্ৰাণ যায় গাঁওখনৰ সাৰথি লামা আৰু তেওঁৰ চাৰি বছৰীয়া পুত্ৰ সুচিত বিশ্বকৰ্মাৰ লগতে ভীম বাহাদুৰ ৰায় নামৰ তিনি গৰাকী লোক ৷

বনৰীয়া হাতীৰ আক্ৰমনত তিনি গৰাকী নিহত

ইয়াৰোপৰি হাতীৰ গচকত এটা গৰু আৰু কুকুৰেও মৃত্যুক আকোঁৱালি লবলগীয়া হয় ৷ এতিয়া হাতীৰ সন্ত্ৰাসে অধিক আতংকিত কৰি তুলিছে গাঁওবাসীক ৷ গাঁওবাসীয়ে লক্ষীপুৰ বন বিভাগক এই কথা অৱগত কৰিছে যদিও এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জিলাখনৰ বন বিভাগে ৷ শীঘ্ৰে হাতীৰ সন্ত্ৰাস বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ লগতে বন বিভাগত জীৱ-জন্তুৰ কৰিডৰসমূহ চিনাক্ত কৰি গাঁওসমূহক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : পানীখাইতিত পানীত পৰি মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.