ETV Bharat / state

ডিমা হাছাওত চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By

Published : Sep 21, 2022, 1:31 PM IST

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে । ইয়াৰ মাজতেই উমৰাংচ' অঞ্চলত অবৈধভাৱে পাইন গছ কটাৰ সময়ত বন বিভাগে হাতে-লোটে গছ কটা মেচিনসহ দুটা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ।

Wood smugglers arrested at Umrangso
ডিমা হাছাওত চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ডিমা হাছাও, ২১ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত বনধ্বংস অব্যাহত আছে । চোৰাং ব্যৱসায়ীসকলে জিলাখনত অবাধে বন ধ্বংস কৰিছে । উচ্চতম ন্য়ায়ালয়ে বনধ্বংসৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলেও একাংশ চোৰাং ব্যৱসায়ী আৰু বনমাফিয়াই বন ধ্বংস চলাই গৈ আছে পাহাৰীয়া জিলাখনত (Deforestation in Dima Hasao) ।

বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা (Timber smuggling in Assam)।

উল্লেখ্য় যে, এই বন ধ্বংসৰ ফলতেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে । বিশেষকৈ ডিমা হাছাও জিলাৰ উদ্যোগ (Wood smuggling in Dima Hasao) নগৰী হিচাপে পৰিচিত উমৰাংচ'ত এনে ধৰণৰ গছৰ চোৰাং বেহা দিনে দিনে বৃদ্ধি হৈ আছে বুলি অভিযোগ উত্থাপিত হৈ আছে ।

এতিয়া ডিমা হাছাও জিলাৰ বনবিভাগ অবৈধ গছ কটা ৰোধ কৰিবলৈ সংৰক্ষিত বনাঞ্চলত অভিয়ান অব্যাহত ৰাখিছে । ইয়াৰ মাজতেই মঙলবাৰ নিশা উমৰাংচ' অঞ্চলত অবৈধভাৱে পাইন গছ কটাৰ সময়ত বন বিভাগে হাতে-লোটে গছ কটা মেচিনসহ দুটা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ (Wood smugglers arrested at Umrangso)কৰে ।

সাতটা চোৰাং ব্যৱসায়ীয়ে উমৰাংচ' অঞ্চলত নিশা জংঘলত পাইন গছ কটা আৰম্ভ কৰাৰ সময়তে বনবিভাগে অভিযান চলাই দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন পাঁচটাই আন্ধাৰৰ সুযোগলৈ পলাই যাবলৈ সক্ষম হয় ।

লগতে পঢ়ক:দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জিম্মাত দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.